Skip to Content

Chapter 1 Science - Class 10

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
4 April 2026 by
ABHOY SWARGIARY

প্ৰশ্নাৱলী

1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয় ?

উত্তৰঃ দহনৰ আগতে মেগনেছিয়ামৰ ফিটাডালৰ পৰা অশুদ্ধিবোৰ আঁতৰ কৰি লব লাগে কৰাণ বিশুদ্ধ মেগনেছিয়ামেহে বয়ুত থকা অক্সিজেনৰ লগত দহন ঘটাব পাৰে ।


2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা

(i) হাইড্ৰ'জেন + ক্লৰিন → হাইড্ৰ'জেন ক্লৰাইড

(ii) বেৰিয়াম ক্ল'ৰাইড +এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালপেট + এলুমিনিয়াম ক্ল'ৰাইড

(ii) ছডিয়াম + পানী → ছডিয়াম হাইড্ৰ'ক্সাইড হাইড্ৰজেন

উত্তৰঃ (i) H2 + Cl2 2HCl

(ii) 3BaCl2 + Al2 (SO4)3 3BaSO4 + 2AlCl3

(iii) 2Na + 2H2O 2NaOH + H2


3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (state symbol) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।

(i) বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় । (HSLC 2017)

(ii) ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰক্লৰিক এছিডৰ দ্ৰৱ ( পানীত ) ৰে সৈতে বিক্ৰিয়া কৰি ছডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে । (HSLC 2017)

উত্তৰঃ (i) BaCl2(aq) + Na2SO4(aq) BaSO4(s) + 2NaCl(aq)

(ii) NaOH(aq) + HCl(aq) NaCl(aq) + H2O



প্ৰশ্নাৱলী

1. এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ ( White washing ) ব্যৱহাৰ কৰা হয় ।

(i) পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা ।

(ii) পানীৰে সৈতে পদাৰ্থ X এ কৰা বিক্ৰিয়াটো লিখা ।

উত্তৰঃ (i)পদাৰ্থ 'X' ৰ নাম হল কেলছিয়াম অক্সাইড (চূনশিল)। ইয়াৰ সংকেত হলঃ CaO.

(ii) পানীৰ সৈতে পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো হৈছে- CaO + H2O Ca(OH)2

2. কাৰ্যকলাপ ১.৭ ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমানৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখা । বা প্ৰশ্ন →পানীৰ বিদ্যুত বিশ্লেষণত উৎপন্ন হোৱা হাইড্ৰজেন গেছৰ পৰিমাণ O2 গেছৰ দুগুণ কিয় ?

উত্তৰঃ পানীৰ দুটা অণুৰ বিদ্যুৎ বিশ্লেষণ ঘটি দুটা H2 অনু আৰু এটা O2 অণুৰ সৃষ্টি হয় । সেইবাবে হাইড্ৰৰজেন গেছৰ পৰিমাণ অক্সিজেন গেছৰ পৰিমাণতকৈ দুগুণ হয় । অৰ্থাৎ আয়তন হিচাপে পানীৰ এটা অণুত দুভাগ হাইড্ৰজেন আৰু এভাগ অক্সিজেনৰ অণু থাকে ।


প্ৰশ্নাৱলী

1. লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেটৰ দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় ?

উত্তৰঃ লোৰ গজাল এটা কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰাখিলে লোৰ গজালে ( আইৰনে ) দ্ৰৱটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰে । ইয়াৰ কাৰণ হল কপাৰতকৈ লো অধিক সক্ৰিয় । সেইবাবে কপাৰ ছালফেটৰ দ্ৰৱটোৰ নীলা ৰঙ পাতল হৈ পৰে ।

বিক্ৰিয়াটো হলঃ- Fe(s) + CuSO4(aq) FeSO4(aq) + Cu(s) (HSLC 2017)

2. কাৰ্যকলাপ ১.১০ ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বঅপসৰন বিক্ৰিয়াৰ উদাহৰণ দিয়া ।

উত্তৰঃ AgNO3(aq) + NaCl(aq) AgCl(s) + NaNO3(aq)

ছিলভাৰ নাইট্ৰেট + ছডিয়াম ক্লৰাইড ছিলভাৰ ক্লৰাইড + ছডিয়াম নাইট্ৰট


3. তলৰ বিক্ৰিয়া কেইটাৰ জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা । (HSLC 2017)

(i) 4Na(s) + O2 → 2Na2O(s)

(ii) CuO(s) + H2(g) → Cu(s) + H2O(l)

উত্তৰঃ (i) Na জাৰিত হৈ অক্সিজেন বিজাৰিত হৈছে ।

(ii) H2 জাৰিত হৈ পানী উৎপন্ন হৈছে আনহাতে কপাৰ অক্সাইড বিজাৰিত হৈ Cu লৈ ৰূপান্তৰ হৈছে ।



অনুশীলনী

1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?

2PdO(s) + C(s) → 2Pd(s) + CO2 (g)

(a) লেড বিজাৰিত হৈছে ।

(b) কাৰ্বনডাই কক্সাইড জাৰিত হৈছে ।

(c) কাৰ্বন জাৰিত হৈছে ।

(d) লেড অক্সাইড বিজাৰিত হৈছে ।

(i) (a) আৰু (b)

(ii) (a) আৰুj (c)

(iii) (a), (b) আৰু (c)

(iv) সকলো

উত্তৰঃ (i) (a) আৰু (b)


2. Fe2O3 + 2Al → Al2O3 + 2Fe

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্ৰিয়াৰ

(b) এটা দ্বঅপসৰণ বিক্ৰিয়াৰ

(c) এটা বযোজন বিক্ৰিয়াৰ

(d) এটা অপসাৰণ বিক্ৰিয়াৰ

উত্তৰঃ (d) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ ।


3. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া ।

(a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয় ।

(b) ক্ল'ৰিন গেছ আৰু আইৰন হাইড্ৰ'ক্সাইড উৎপন্ন হয় ।

(c) বিক্ৰিয়া নঘটে ।

(d) আইৰন লৱন আৰু পানী উৎপন্ন হয় ।

উত্তৰঃ (a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয় ।


4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

উত্তৰঃ যি ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ ভৰএকে, তেনে ৰাসায়নিক সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে । ভৰৰ নিত্যতা সূত্ৰ মেত ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হব নোৱাৰে । সেইবাবে আমি ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে ।


5.তলৰ উক্তিসমূহ ৰাসায়কি সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।

(a) হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে ।

(b) হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।

(c) বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে ।

(d) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে ।

উত্তৰঃ (a) 3H2(g) + N2 (g) 2NH3(g)

(b) 2H2S(g) + 3O3(g) 2H2O(l) + 2SO2(g)

(c) 3BaCl2(aq) + Al2(SO4)3(aq) 3BaSO4(s) + 2AlCl3(aq)

(d) 2K (s) + 2H2O(l) 2KOH(aq) + H2(g)


6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।

(a) HNO3 + Ca (OH)2 → Ca (NO3)2 + H2O

(b) NaOH + H2SO4 →Na2SO4 + H2O

(c) NaCl + AgNO3 → AgCl + NaNO3

(d) BaCl2 + H2SO4 → BaSO4+ HCl

উত্তৰঃ (a) 2HNO3 + Ca(OH)2 Ca(NO3)2 + 2H2O

(b) 2NaOH + H2SO4 Na2SO4 + 2H2O

(c) NaCl + AgNO3 AgCl +NaNO3

(d) BaCl2 + H2SO4 BaSO4 + 2HCl


7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।

(a) কেলছিয়াম হাইড্ৰ,ক্সাইড + কাৰ্বন ডাই অস্কাইড → কেলছিয়াম কাৰ্বনেট +পানী ।

(b) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ ।

(c) এলুমিনিয়াম + কপাৰ ক্ল,ৰাইড → এলুমিনিয়াম ক্ল,ৰাইড + কপাৰ ।

(d) বেৰিয়াম ক্ল,ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল,ৰাইড ।

উত্তৰঃ (a) Ca(OH)2 (aq) + CO2 (g) CaCO3 (aq) + H2O (l)

(b) Zn (s) + 2AgNO3 (aq) Zn(NO3)2 (aq) + 2Ag (s)

(c) 2Al (s) + 3CuCl2(aq) 2AlCl3(aq) + 3Cu (s)

(d) BaCl2 (s) + K2SO4(aq) BaSO4(aq) + 2KCl(s)


8. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিকসমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা ।

(a) পটেছিয়াম ব্ৰ'মাইড (aq) + বেৰিয়াম আয়ডাইড (aq) → পটেছিয়াম আয়ডাইড (aq) + বেৰিয়াম ব্ৰ'মাইড (s)

(b) যিংক কাৰ্বনেট (s) → যিংক অক্সাইড (s) + কাৰ্বন ডাই অক্সাইড (g)

(c) হাইড্ৰ'জেন (g) + ক্ল'ৰিন (g) → হাইড্ৰ'জেন ক্ল'ৰাইড (g)

(d) মেগনেছিয়াম (s) + হাইড্ৰ'ক্ল'ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল,ৰাইড (aq) + হাইড্ৰ,জেন (g)

উত্তৰঃ (a) 2KBr (aq) + BaI2 (aq) 2KI (aq) + BaBr2 (s)

(b) ZnCO3 (s) ZnO (s) + CO2 (g)

(c) H2 (g) + Cl2 (g) 2HCl (g)

(d) Mg (s) + 2HCl (aq) MgCl2 (aq) + H2 (g)


9. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে । উদাহৰণস্বৰূপেঃ CaO (s) + H2O (l) Ca(OH)2 (aq) + তাপ

আৰু যিবোৰ ৰাসায়নিক বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে ।

উদাহৰণস্বৰূপেঃ 2AgCl (s) - সূৰ্যৰ পোহৰ 2Ag (s) + Cl2 (g) .


10. শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা ।

উত্তৰঃ শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণে তাপ শক্তিৰ উৎপন্ন হয় । শ্বসনত গ্লুক'জ অণুবোৰ অক্সিজেন গেছৰ দ্বাৰা দাহিত হৈ শক্তি মুকলি কৰে আৰু এই উৎপন্ন হোৱা শক্তি আমাৰ দেহৰ কোষবোৰে ব্যৱহাৰ কৰে । সেইবাবে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় ।


11. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা নতুন পদাৰ্থ সৃষ্টি কৰাৰ লগতে তাপ শক্তিও উৎপন্ন কৰে । ৰাসায়নিক সমীকৰণঃ 2H2 + O2 2H2O (সংযোজন বিক্ৰিয়া)

আনহাতে বিয়োজন বিক্ৰিয়াত তাপ, পোহৰ বা বিদ্যুৎ শক্তি হিচাপে ব্যৱহাৰ কৰি এটা পদাৰ্থ দুটা বা ততোধিক পদাৰ্থলৈ বিয়োজিত হয় । ৰাসায়নিক সমীকৰণঃ 2NH3 + তাপ N2 + 3H2 ( বিয়োজন বিক্ৰিয়া)


12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ।

উত্তৰঃ তাপ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াঃ CaCO3 (s) - তাপ CaO (s) + CO2 (g)

পোহৰ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াঃ 2AgCl (g) - পোহৰ 2Ag (s) + Cl2 (g)

বিদ্যুত শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াঃ 2H2O - বিদ্যুৎ 2H2 + O2


13. অপসৰণ আৰু দ্বিঅপৰসণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃ অপসৰন বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে । আনহাতে দ্বিঅপসাৰণ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে ।

অপসাৰণ বিক্ৰিয়াঃ Fe(s) + CuSO4(aq) FeSO4(aq) + Cu(s),

দ্বিঅপসাৰণ বিক্ৰিয়াঃ Na2 SO4 (aq) + BaCl2 (aq) BaSO4 (s) + 2 NaCl (aq).


14. ছিলভাৰ পৰিশোধনত ছিলভাৰ নাইট্ৰট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্ৰিয়াটো লিখা ।

উত্তৰঃ AgNO3(aq) + Cu(s) CuNO3 (aq) + Ag (s).


15. অধঃক্ষেপন বিক্ৰিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা ।

উত্তৰঃ অধঃক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধঃক্ষেপন বিক্ৰিয়া বোলা হয় । যেনে- ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল'ৰাইডৰ দ্ৰৱ মিহলি কৰিলে বিক্ৰিয়াত বেৰিয়াম ছালপেটৰ অধঃক্ষেপৰ সূষ্টি হয়।

BaCl2 + Na2SO4 BaSO4 (অধঃক্ষেপ) + 2NaCl.


16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ।

(a) জাৰণ ।

(b) বিজাৰণ ।

উত্তৰঃ (a) যি বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে তাকে জাৰণ বোলে ।

যেনে- 2Cu+O2 2CuO. ইয়াত, Cu, CuO লৈ জাৰিত হৈছে ।

(b) যি বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন হেৰুৱায় তাক বিজাৰণ বোলে ।

যেনে- CuO+H2Cu+H2O. ইয়াত, CuO, Cu লৈ জাৰিত হৈছে ।


17. এটা উজ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত কলা হৈ পৰিল । মৌল 'X' আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা ।

উত্তৰঃ X মৌলটো হৈছে Cu আৰু কলা ৰঙৰ যৌগটোৰ নাম হ'ল কপাৰ অক্সাইড (CuO).


18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?

উত্তৰ ক্ষয়ীভৱন ৰোধ কৰাৰ বাবে লোৰ সঁজুলিবিলাকত ৰং দিয়া হয় । বয়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে । ইহঁতে লোৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে । সেয়েহে লোৰ বস্তুত ৰং সানিলে ই অক্সিজেন বা জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিব নোৱাৰে । ইয়াৰ ফলত ই মামৰে ধৰাৰ পৰা ৰক্ষা পৰে ।


19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ'জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰঃ যেতিয়া চৰ্বি আৰু তেল যুক্ত খাদ্য বায়ুৰ অক্সিজেনৰ দ্বৰা জাৰিত হয় তেতিয়া এইবোৰ দুৰ্গন্ধযুক্ত হয় আৰু ইয়াৰ স্বাদৰ সলনি হয় । সেয়েহে জাৰণ নঘটিবৰ বাবে তেল আৰু চৰ্বি যুক্ত খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় ।


20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ।

(a) ক্ষয়ীভৱন ।

(b) চৰ্বিৰ দুৰ্গন্ধিতা ।

উত্তৰঃ (a) যেতিয়া ধতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বষ্প, এছিড আদিৰদ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলে । যেনেঃ ছিলভাৰৰ ওপৰত পৰা কলা চামনি ।

(b) যেতিয়া চৰ্বি আৰু তেল জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধী হয় আৰু স্বাদৰ সলনি হয় । এই পৰিঘটনাক দুৰ্গন্ধিতা বা ৰেনচিডিটি বোলে । যেনেঃ গ্ৰীষ্মকালত মুুকলি ঠাইত ৰখা মাখনত কিছুদিনৰ পাছত গোন্ধ আৰু স্বাদ সলনি হয় ।