Skip to Content

Chapter 9 Science - Class 10

বংশগতি আৰু ক্ৰমবিকাশ
4 April 2026 by
ABHOY SWARGIARY

প্ৰশ্নাৱলী (পৃষ্ঠা - 143)

1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যা "A" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত "B" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল ?

উত্তৰঃ- যিহেতু "B" ৰ চাৰিত্ৰিক বৈশিষ্টৰ পৰিমাণ 60 % আনহাতে "A" ৰ পৰিমাণ 10 % । গতিকে "B" ৰ চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল ।

2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ/ভিন্নতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে ?

উত্তৰঃ- এটা প্ৰজাতি সামগ্ৰিকভাৱে ক্ষতিগ্ৰস্থ হব পাৰে যদিহে তাৰ মাজত পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খোৱাই নলয় ।পৰিৱেশৰ পৰিৱৰ্তনৰ সৈতে প্ৰজাতিটোক খাপ সোৱাই ৰখাৰ বাবে প্ৰকাৰণে সহায় কৰে আৰু এনেদৰে প্ৰজাতিটোক বচাই ৰাখে । যেনে- যিবিলাক বেক্টেৰিয়াই আতি উষ্ণতাত জীয়াই থাকিব পাৰে সেইবিলাকৰ ওপৰেৰে গৰম বতাহ প্ৰবাহিত কৰি থাকিলেও জীয়াই থাকিবলৈ সক্ষম হয় । আহনাতে যিবিলাকৰ এনেদৰে প্ৰকাৰণ নহয় সেইবিলাকৰ উষ্ণতা বৃদ্ধিত মৃত্যু হয় ।

প্ৰশ্নাৱলী (পৃষ্ঠা - 147)

1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱাী (Dominant) আৰু কোনটো অপ্ৰভাৱী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰঃ- মেণ্ডেলে মটৰ মাহৰ বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটাই এটা পৰিক্ষা চলাইছিল । দেখা গৈছিল যে প্ৰথম প্ৰজন্মৰ অৰ্থাৎ F1 ৰ আটাইবোৰ উদ্ভিদে ওখ আছিল । এই F1 জনুৰ মাজত হোৱা সংকৰণত দ্বিতীয় প্ৰজন্মৰ অৰ্থাৎ F2 আটাইবোৰ ওখ নহয় । এক চতুৰ্থাংশ চাপৰ উদ্ভিদ সৃষ্টি হৈছিল । ইয়ে প্ৰমান কৰে যে ওখ আৰু চাপৰ গুণ F1 জনুই অৰ্জন কৰিছিল যদিও সেই জনুত কেৱল ওখ গুণটোহে প্ৰকাশ পাইকছিল । চাপৰ গুণটো তাত আছিল যদিও দ্বিতীয় প্ৰজন্মৰ জনু F2 তহে সেয়া প্ৰকাশ পাইছিল । গতিকে জনুত প্ৰকাশ পোৱা ওখ গুণটো প্ৰভাৱি চৰিত্ৰৰ হোৱাৰ বিপৰীতে চাপৰ গুণটো অপ্ৰভাৱী চৰিত্ৰৰ ।

2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰঃ- মেণ্ডেলে মটৰ মাহৰ বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটাই এটা পৰিক্ষা চলাইছিল । দেখা গৈছিল যে প্ৰথম প্ৰজন্মৰ অৰ্থাৎ F1 ৰ আটাইবোৰ উদ্ভিদে ওখ আছিল । এই F1 জনুৰ মাজত হোৱা সংকৰণত দ্বিতীয় প্ৰজন্মৰ অৰ্থাৎ F2 আটাইবোৰ ওখ নহয় । এক চতুৰ্থাংশ চাপৰ উদ্ভিদ সৃষ্টি হৈছিল । এই পৰীক্ষাৰ পৰা দেখা যায় যে বিশেষ লক্ষণ বা লৈশিষ্টবোৰ বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয় ।

3. "A" গ্ৰুপৰ তেজৰ এজন মানুহে "O" গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হল "O" । এই তথ্যৰ পৰা তোমালোকে "A" আৰু "O" তেজৰ গ্ৰুপৰ কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবানে ? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰি কিয় নোৱাৰা ?

উত্তৰঃ- "A" নে "O" তেজৰ গ্ৰুপ প্ৰভাৱী সেই কথা নিৰ্ণয় কৰাৰ বাবে ওপৰোক্ত তথ্য যথেষ্ট নহয় । আনহাতে সকলো সন্তানৰ তেজৰ গ্ৰুপৰ বিষয়ে আমি নাজানো ।

4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?

উত্তৰঃ- ল'ৰা-ছোৱালীৰ লিংগ নিৰ্দ্ধাৰণৰ বাবে প্ৰকৃততে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নিৰ্ণায়ক ক্ৰ'ম'জ'ম প্ৰবাহিত হয় তাৰ ওপৰত নিৰ্ভৰ কৰি সন্তানৰ লংগ নিৰ্দ্ধাৰণ হয় । ছোৱালী সন্তানৰ ক্ষেত্ৰত এডাল 'X' ক্ৰমজম তাইৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা আৰু আনডাল 'X' ক্ৰ'ম'জ'ম মাতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা । ল'ৰা সন্তানৰ ক্ষেত্ৰত 'X' ক্ৰ'ম'জ'ম ডাল মাতৃৰ ফালৰ পাৰ আৰু 'Y' ক্ৰমজম ডাল পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা ।

প্ৰশ্নাৱলী (পৃষ্ঠা - 150)

1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায় ?

উত্তৰঃ- কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যোৱাৰ প্ৰকাৰবোৰ হল-

i) প্ৰাকৃতিক নিৰ্বাচনঃ- যেতিয়া এটা প্ৰকাৰণ বা বিশেষ বৈশিষ্টই প্ৰজাতি এটা বাচি থকাত সহায় কৰে ।

ii) জিনীয় প্ৰভাৱঃ- যেতিয়া কোনো এটা জিন এটা বিশেষ প্ৰজাতি প্ৰকট কৰে ।

ii) অন্যান্য কাৰকঃ- পৰিৱেশৰ অন্যান্য কাৰক যিয়ে ব্যক্তিৰ জীৱন কালত অৰ্জন কৰা চৰিত্ৰ নিৰ্ধাৰণ কৰে ।

2. জীৱৰ জীৱন কালত অৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে ?

উত্তৰঃ- জীৱন কালত অৰ্জিত চৰিত্ৰ বিলাকৰ তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিক প্ৰবাহ নঘটে কিয়নো-

i) এই প্ৰক্ৰিয়াত অপ্ৰজনন জনীত কলাৰ পৰিৱৰ্তিন হয় ।

ii) জনন কোষৰ DNA লৈ দৈহিক কালত অৰ্জিত চাৰিত্ৰিক বৈশিষ্টবোৰ সঞ্চাৰিত নহয় । এনে চাৰিত্ৰিক বৈশিষ্টবোৰ জীৱৰ মৃত্যুৰ লগে লগে নষ্ট হয় ।

3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?

উত্তৰঃ- বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো চিন্তিত বিষয় বুলি ভাবাৰ কাৰণ হল-

i) কম সংখ্যক জনসংখ্যা মানে কম সংখ্যক প্ৰকাৰণ ।

ii) কম সংখ্যক প্ৰকাৰণ মানে প্ৰাকৃতিক দূৰ্যোগৰ সময়ত প্ৰজাতিটো বাছি থকাৰ কম সম্ভৱনা ।

iii) প্ৰজাতিটো বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনা বাঢ়ি যায় ।

iv) প্ৰজাতিটোৰ বিবৰ্তন নহয় ।

প্ৰশ্নাৱলী (পৃষ্ঠা -151)

1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?

উত্তৰঃ- নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে অৰিহণা যোগোৱা উপাদানবোৰ হল-

i) প্ৰাকৃতিক নিৰ্বাচন ।

ii) জিনীয় পথচ্যুত ।

iii) পাৰিপাৰ্শীক পৰিৱৰ্তন ।

iv) প্ৰকাৰণ ।

2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগলিভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

উত্তৰঃ- কাৰক হব নোৱাৰে । কৰাণ স্ব-পৰাগযোগৰ বাবে একেপাহ ফুল বা একেডাল উদ্ভিদৰ ফুলৰ পুং কেশৰৰ পৰাগধানীৰ পৰা পৰাগ ৰেণু বোৰ স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাৰ প্ৰয়োজন । সেয়েহে স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতি কৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণৰ কোনো প্ৰভাৱ নপৰে ।

3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

উত্তৰঃ- নোৱাৰে । কৰাণ অযৌন প্ৰজননৰ বাবে মাত্ৰ এটা জীৱৰহে প্ৰয়োজন হয় । DNA প্ৰতিলীপীকৰণ সঠিক নোহোৱাৰ ফলতহে প্ৰকাৰণ ঘটে । যিটো ভৌগলিক পৃথকীকৰণে বাধা দিব নোৱাৰে ।

প্ৰশ্নাৱলী (পৃষ্ঠা- 156)

1. দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া ।

উত্তৰঃ- বিভিন্ন জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য সমূহৰ অধ্যয়নে বিবৰ্তনৰ ক্ষত্ৰত সিহঁতৰ মাজত থকা ওচৰ সম্পৰ্ক নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে । উদাহৰণস্বৰূপে যদি আমি মনুহ আৰু চৰাইৰ কথা বিবেচনা কৰো তেন্ত দেখিম যে দুয়োবিধৰে সমসংস্থ অংগ যেনে বাহু আৰু ডেউকা আছে । যাৰ বিবৰ্তনৰ দিশৰ পৰা মিল নাথাকিলেও দুয়োৰ সম্পৰ্ক আছে । একেদৰে বান্দৰ আৰু মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অধ্যয়নে দেখুওৱাই যে সিহঁত পৃথকাভাৱে একে পূৰ্বপুৰুষৰ পৰা বিবৰ্তনৰ মাজেদি বৰ্তমান অৱস্থা পাইছে ।

2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি কব পাৰোনে ? কিয় পাৰি বা কিয় নোৱাৰি ?

উত্তৰঃ- পখিলা আৰু বাদুলিৰ দেউকাই একে কাম কৰে (উৰণ) যদিও সিহঁতৰ মৌলিক গঠন আৰু উৎপত্তি ভিন্ন । সেয়েহে এই অংগবোৰক সমসংস্থ অংগ হিচাপে বিবেচনা নকৰি সমবৃত্তিক অংগ হিচাপেহে বিবেচনা কৰা হৈছে ।

3. জীৱস্মসমূহ কি ? বিবৰ্তন সম্পৰ্কে জীৱষ্মসমূহে আমাক কি কয় ?

উত্তৰঃ- কেতিয়াবা জীৱৰ মৃত্যু হলে ইহঁতৰ কিছুমান অংগ পৰিৱেশত সম্পৰ্ণভাৱে গেলি-পচি নাইকিয়া হৈ নাযায় । এই অংগবোৰ ভূ-পৃষ্ঠৰ গভীৰ শিলাস্তৰত সোমাই থাকে । এনেধৰণে জীৱদেহৰ অৱশিষ্টক জীৱষ্ম বুলি কোৱা হয়।

জীৱাষ্মই বিবৰ্তনৰ সাক্ষ্য বহন কৰে । জীৱাষ্মবোৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন সময়ত যে জীৱৰ পৰিৱৰ্তন হৈছে তাক ঠাৱৰ কৰিব পাৰি আৰু জীৱৰ ক্ৰমবিকাশ অতি সহজে অনুমান কৰিব পাৰি । তদুপৰি প্ৰজাতি এটাৰ পূৰ্বপুৰুষৰ সম্পৰ্কে জীৱাষ্মৰ জৰিয়তে জানিব পাৰি ।

প্ৰশ্নাৱলী(পৃষ্ঠা- 158)

1. বিভিন্ন মানুহৰ আকৃতি, বৰণ অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয় ?

উত্তৰঃ- সংজ্ঞাৰ ফালৰ পৰা প্ৰজাতি হৈছে এনে এটা জীৱ গোষ্ঠী যিয়ে নিজৰ মাজত প্ৰজনন কৰি বিবৰ্তনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰে । এই সংজ্ঞা মানুহৰ ক্ষত্ৰত খাটে । সেয়েহে আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও মানুহক একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কৰা হৈছে ।

2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জী ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চ স্তৰৰ ?

উত্তৰঃ- বিবৰ্তনৰ দিশত বেক্টেৰিয়াৰ গঠন অতি উচ্চ স্তৰৰ । বেক্টেৰিয়াৰ গঠন সৰল হলেও ইহঁতে অচি উষ্ণতা অথবা অতি ঠাণ্ডা বা বৰফেৰে আবৃত্ত অঞ্চল আদিতো জীয়াই থাকিব পাৰে ।

অনুশীলনী(পৃষ্ঠা-159)

1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হল । উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হল যদিও আধা সংখ্যক মটৰ মহৰ গছ চাপৰ হল । ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হব ?

a) TTWW

b) TTww

c) TtWW

d) TtWw

উত্তৰঃ- c) TtWW

2. সমসংস্থ অংগৰ এটা উদাহৰণ হল-

a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং

b) আমাৰ দাঁত আৰু হাতীৰ দাঁত

c) আলু আৰু ঘাঁহৰ শিপা

d) ওপৰৰ আটাইকেইটা

উত্তৰঃ- d) ওপৰৰ আটাইকেইটা

3. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত-

a) এজন চীনা স্কুলীয়া ছাত্ৰ

b) এটা চিম্পাঞ্জী

c) এটা মকৰা

d) এটা বেক্টেৰিয়া

উত্তৰঃ- a) এজন চীনা স্কুলীয়া ছাত্ৰ

4. এটা অধ্যয়নৰ পৰা দেখা গল যে পাতল বৰণৰ চকুৰ লৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয় । ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে ? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয় ?

উত্তৰঃ- পাতল ৰঙৰ চকুৰ পিতৃ-মাতৃৰ শিশুৰ চকুৰ ৰং পাতল হলেও ইয়াক প্ৰভাৱী নে অপ্ৰভাৱী তাক ঠাৱৰ কৰিব পৰা নাযায় । যিহেতু মাক-দেউতাক আৰু শিশু সকলোৱে চকুৰ ৰং পাতল গতিকে এই ক্ষেত্ৰত চাৰিত্ৰিক বৈশিষ্ট্য প্ৰতিফলিত হব । এই ক্ষেত্ৰত মাক-দেউতাক বিশুদ্ধ লক্ষণ যুক্ত হোৱাৰ লগতে শিশুও বিশুদ্ধ লক্ষন যুক্ত হয় । যদি পাতল ৰঙৰ চকু প্ৰভাৱী হয় তেন্তে কিছুমান শিশুৰ চকুৰ ৰং বেলেগ হব পাৰে ।

5. বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে ?

উত্তৰঃ- বিবৰ্তন হৈছে জীৱৰ প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পৰিৱৰ্তন, পাৰিপাশ্বিক পৰিৱৰ্তন আদিৰ ফলত বহু কেইটা প্ৰজননৰ মাজেদি জীৱ এটাৰ চাৰিত্ৰিক পৰিৱৰ্তন । আহনাতে, শ্ৰেণীবিভাজন হৈছে জীৱৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিক্তি কৰি বিভন্ন ভাগত ভাগ কৰা । যিবিলাক চাৰিত্ৰিক বৈশিষ্ট্য প্ৰায় একেধৰণৰ তেনেবোৰ জীৱ নিকটভাৱে সম্পৰ্কীয় বুলি কোৱা হয় । এই বৈশিষ্ট্যপূৰ্ণ দুবিধ প্ৰজাতিৰ পূৰ্বপুৰুষ একে বুলি ঠাৱৰ কৰিব পাৰি । এনেদৰে জীৱৰ শ্ৰেণীবিভাজন বিভিন্ন প্ৰজাতিৰ মাজত থকা বিবৰ্তমূলক যোগসূত্ৰ স্থাপনত সহায় কৰে ।

6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা ।

উত্তৰঃ- i) সমসংস্থ অংগঃ- যিবিলাক অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্ৰায় একে কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ তেনেবোৰ অংগক সমসংস্থ অংগ বোলে । যেনে- স্তন্যপায়ীৰ চাৰিখন অংগপদ থাকে যিদৰে পক্ষী, সৰীসৃপ আৰু উভচৰ শ্ৰেণীৰ প্ৰানীৰো চাৰিখন অংগ্ৰপদ থাকে কিন্তু এইবোৰৰ কাৰ্য বেলেগ বেলেগ।

ii) সমবৃত্তিক অংগঃ- যিবিলাক অংগৰ গঠন আৰু উৎপত্তি দিশৰ পাৰ ভিন্ন ভিন্ন কিন্তু কাৰ্যৰ ফালৰ পৰা একেই, তেনেতবিলাক অংগকে সমবৃত্তিক অংগ বোলে। যেনে- বাদুলী আুৰ চৰাইৰ দেউকা কেইখনৰ গঠন আৰু উপাংগসমূহ দেখাত বেলেগ বেলেগ কিন্তু দুয়োবিধ দেউকাই একেধৰণৰ কাৰ্য কৰে ।

7. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা ।

উত্তৰঃ- i) সমযুগ্মজাত কলা (BB) মতা কুকুৰ আৰু সমযুগ্মজাত মাইকী বগা (bb) কুকুৰ লোৱা হওক ।

ii) দুয়োটাৰে মাজত প্ৰজনন কৰা হল ।

iii) সিহঁতৰ পোৱলীবোৰৰ অধ্যয়ন কৰা হল ।

iv) যদিহে অপত্য (F1) কলা বৰণৰ হয়, তেন্তে বগা ৰং সাপেক্ষে বগা ৰং প্ৰভাৱী হব।

8. বিবৰ্তন প্ৰক্ৰিয়াত জীৱষ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা ।

উত্তৰঃ- জীৱাষ্মই বিবৰ্তনৰ সাক্ষ্য বহন কৰে । জীৱাষ্মবোৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন সময়ত যে জীৱৰ পৰিৱৰ্তন হৈছে তাক ঠাৱৰ কৰিব পাৰি আৰু জীৱৰ ক্ৰমবিকাশ অতি সহজে অনুমান কৰিব পাৰি । তদুপৰি প্ৰজাতি এটাৰ পূৰ্বপুৰুষৰ সম্পৰ্কে জীৱাষ্মৰ জৰিয়তে জানিব পাৰি ।

9. কি স্বাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?

উত্তৰঃ- 1929 চনত জে. বি. এচ. হেলডান নামৰ ব্ৰিটিছ বিজ্ঞানী এগৰাকীয়ে উনুকিয়াইছিল যে পৃথিৱীখন সৃষ্টি হোৱাৰ পাছত তাত বিৰাজ কৰি থকা কিছুমান সৰল অজৈৱিক পদাৰ্থৰ পৰাই জীৱৰ আৱিৰ্ভাৱ ঘটিছিল । 1953 চনত ষ্টেনলি এল. মালাৰ আৰু হেৰল্ড চি. ইউৰি নামৰ দুজন বিজ্ঞানীয়ে এটা পৰীক্ষাৰ দ্বাৰা ইয়াৰ সঠিক ব্যাখ্যা দাঙি ধৰিবলৈ সক্ষম হৈছিল । তেখেতসকলে এনে এটা সজুঁলি তৈয়াৰ কৰি লৈছিল যে সেই সজুঁলিটোৰ ভিতৰত অনুমান ভিক্তিত উৎপত্তি কালৰ পৃথিৱীখনৰ বাতাবৰণ সৃষ্টি কৰি লৈছিল । সেই সজুঁলিটো প্ৰায় 100º চেন্টিগ্ৰেড উষ্ণতাৰ তলত ৰাখি তাৰ ভিতৰৰ গেছীয় পদাৰ্থৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ ঘটাই বিজুলি বা বজ্ৰপাত সৃষ্টিৰ দৰে একে পৰিৱেশ ৰচনা কৰিছিল । প্ৰায় এসপ্তাহৰ পাছত দেখা গল যে 15% কাৰ্বনৰ ৰূপান্তৰ ঘটি এমিন এচিডকে ধৰি আন কিছুমান কাৰ্বনযুক্ত সৰল যৌগ যিয়ে প্ৰটিন অনুৰ সংশ্লেষণত ভাগ লয়, সেইবিলাক সৃষ্টি হৈছিল।

10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশহ(viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ- অযৌন প্ৰজননতকৈ যৌন প্ৰজননত বেছি বিকাশসহ ভিন্নতা সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি কিয়নো এনে প্ৰজননত দুটা জীৱ প্ৰয়োজন হয় । যি আপত্য সৃষ্টিত অৰিহণা যোগায় । এই আপত্যই পিতৃ-মাতৃ দুয়োৰে পৰা চাৰিত্ৰিক বৈশিষ্ট্য লাভ কৰে । আনহাতে অযৌন প্ৰজননত মাত্ৰ এটাহে জীৱই অংশ গ্ৰহণ কৰে । সেয়েহে যি প্ৰকাৰণ সৃষ্টি হয় সেয়া DNA প্ৰতিলিপিকৰণৰ ত্ৰুতিৰ ফলতহে হয় ।

ই বিবৰ্তনত তলত দিয়া ধৰণে প্ৰভাৱ পেলাই-

i) পৰিৱেশৰ সৈতে জীৱক খাপখোৱাই ৰখাত সহায় কৰে।

ii) প্ৰজাতিবিধক বিলুপ্ত হোৱাৰ পৰা বচাই ৰাখে ।

iii) প্ৰজাতি বিধৰ বাচি থকাৰ সম্ভাৱনা বাঢ়ে ।

11. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?

উত্তৰঃ- মানুহৰ সকলোবোৰ ক্ৰমজম যোৰ লাগি নাথাকে । প্ৰতিটো মানৱ দেহত 23 যোৰকৈ ক্ৰমজম থাকে । ইয়াৰে 22 যোৰ সঠিকভাৱে যোৰ পাতি থাকে আৰু আপত্যৰ চাৰিত্ৰিক গুণ নিৰ্ধাৰণ কৰে । ইয়াৰে আধা মাতৃ আৰু আধা পিতৃ দেহৰ পৰা অহা । শুক্ৰাণু আৰু ডিম্বানু লগ লাগিলে আপত্যৰ ক্ৰমজমৰ সংখ্যা নিৰ্ধাৰিত হয় আৰু প্ৰজাতি বিধৰ DNA ৰ সুস্থিৰতা নিৰ্ধাৰিত হয় । ইয়ে আপত্যলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সমান জিনীয়া অৱদান সঞ্চাৰন হোৱটা নিশ্চিত কৰে ।

12. 'কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে ।' এই উক্তিৰ সৈতে একমতনে ? যদি হয় কিয় আৰু যদি নহয় কিয় ?

উত্তৰঃ- এটা প্ৰজাতিৰ জীৱৰ জীৱন ক্ৰিয়াত সুবিধা প্ৰদান কৰা ভিন্নতাইহে আবাদীত স্থয়িত্ব লাভ কৰে । কিয়নো এয়া প্ৰাকৃতিকভাৱে নিৰ্বাচিত । এনে প্ৰকাৰণে প্ৰজাতিটোক পৰিৱেশৰ সৈতে খাপ খোৱাই ৰখাত সহায় কৰে আৰু এই প্ৰকাৰণ ক্ৰমান্বয়ে আপত্য জনুলৈ সঞ্চাৰিত হয় । উদাহৰণস্বৰূপে- যিবোৰ বেক্টেৰিয়াি প্ৰকাৰণৰ জৰিয়তে তাপ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰে । সেইবোৰে অতি বেছি তাপতো জীয়াই থাকিব পাৰে ।