প্ৰশ্নাৱলী(পৃষ্ঠা-243)
1. শক্তিৰ ভাল উৎস কি ?
উত্তৰঃ- শক্তিৰ ভাল উৎস সেইটোৱেই হব যিটোৱে-
i) প্ৰতি একক আয়তনত বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে ।
ii) সহজেই উপলব্ধ ।
iii) সঞ্চয় আৰু পৰিবহণ সহজসাধ্য ।
iv) যি মিতব্যয়ী, ই সম্বৱত ইন্ধনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম ।
2. ভাল ইন্ধন কি ?
উত্তৰঃ- ভাল ইন্ধন সৈইবোৰেই যিবোৰত তলত দিয়া বৈশিষ্ট্যবোৰ থাকে-
i) ই জ্বলোতে বেছি তাপ আৰু শক্তি উৎপন্ন কৰিব লাগিব ।
ii) ই বেছিকৈ ধূঁৱা উৎপন্ন কৰিব নালাগিব ।
iii) ই সহজে উপলব্ধ হব লাগিব ।
iv) ইয়াৰ দহনৰ পিছত ছাই আদিৰ দৰে আৱশিষ্ট ৰৈ যাব নালাগে ।
3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয় ?
উত্তৰঃ- তলত দিয়া কাৰণবক্ষত মই তৰলীকৃত পেট্ৰলিয়াম গেছ (LPG) ব্যৱহাৰ কৰিম ।
i) ইয়াৰ প্ৰতি এককত নিৰ্গত তাপৰ পৰিমাণ বেছি ।
ii) ধূৱাহীন শিখাৰে জ্বলে আৰু কোনো হানিকাৰক গেছ উৎপন্ন নকৰে বাবে পৰিৱেশ প্ৰদূষন নকৰে ।
প্ৰশ্নাৱলী(পৃষ্ঠা-248)
1. জীৱাষ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ?
উত্তৰঃ- জীৱাষ্মজাত ইন্ধনৰ অসুবিধাসমূহ হল-
i) সীমিতঃ- জীৱাষ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস । ইয়াক দ্ৰুত হাৰত ব্যয় কৰি থাকিলে অতি শীঘ্ৰেই ইয়াৰ ভাণ্ডাৰ শেষ হৈ যাব ।
ii) বায়ু প্ৰদূষণঃ- ইহঁতৰ দহনৰ ফলত উৎপন্ন হোৱা কাৰ্বন, নাইট্ৰজেন, ছালফাৰৰ আম্লিক অক্সাইডবোৰে বায়ু প্ৰদূষণ কৰে ।
iii) এচিড বৰষুণঃ- জীৱাষ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা আম্লিক অক্সাইডবোৰে আম্লিক বৃষ্টিৰ অৰ্থাৎ এচিড বৰষুণৰ সৃষ্টি কৰে ।
iv) সেউজগৃহ প্ৰভাৱঃ- ইয়াৰ দহনৰ ফলত উৎপন্ন হোৱা CO2 ৰ দৰে গেছে সেউজগৃহৰ প্ৰভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে ।
2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয় ?
উত্তৰঃ- আমি শক্তিৰ বিকল্প উৎস বিচাৰো কাৰণ-
i) জীৱাষ্ম ইন্ধন যেনে-কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য শক্তিৰ উৎস । এই উৎস সীমিত হেতুকে এইবোৰৰ শক্তিৰ ভাণ্ডাৰ শেষ হৈ যাব ।
ii) জীৱাষ্ম ইন্ধন আদি দহনৰ ফলত পৰিৱেশৰ ক্ষতি হয় । সেয়েহে আমি নবীকৰণযোগ্য আৰু পৰিৱেশৰ হিতৈশী বিকল্প শক্তিৰ উৎসৰ সন্ধান কৰা উচিত ।
3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি কি পৰিৱৰ্তন অনা হৈছে ?
উত্তৰঃ- আমাৰ সুবিধাৰ বাবে বৰ্তমান বায়ুশক্তিক বিদ্যুৎ উৎপাদনৰ বাবেও ব্যৱহাৰ কৰা হৈছে । পূৰ্বতে বায়ুকলৰ যোগেদি গতি শক্তি আহৰণ কৰি যান্ত্ৰিক কাৰ্য সম্পাদন কৰা হৈছিল । বোৱতি পানীৰ গতি বা উচ্চতাত থকা পানীৰ স্থিতি শক্তিক বিদ্যুৎ শক্তি উৎপাদন কৰাত গুৰুত্ব দিয়া হৈছে ।
প্ৰশ্নাৱলী(পৃ্ষ্ঠা-253)
1. কোন ধৰণৰ দাপোন- অবতল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ? কিয় ?
উত্তৰঃ- অবতল দাপোন ।
2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি ?
উত্তৰঃ- মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতাসমূহ তলত দিয়া ধৰণৰ-
i) জোৱাৰ ভাতাৰ শক্তিঃ- সমুদ্ৰলৈ যোৱা এটা ঠেক পথত বান্ধ নিৰ্মাণ কৰি জোৱাৰ ভাতাৰ শক্তি আহৰণ কৰা হয় । এনে বান্ধ নিৰ্মাণ কৰিব পৰা উপযুক্ত স্থান সীমিত ।
ii) তৰংগ শক্তিঃ- যিবোৰ স্থানত তৰংগবোৰ অতিশয় শক্তিশালী তেনেবোৰ স্থানতহে তৰংগ শক্তিৰ ব্যৱহাৰ ফলপ্ৰসূ ।
iii) মহাসামুদ্ৰিক তাপীয় শক্তিঃ- সমুদ্ৰ পৃষ্ঠ আৰু 2km পৰ্যন্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য 293k (20ºC) বা তাতোধিক হলেহে এনে প্ৰকল্প কাৰ্যকৰী হয় ।
3. তাপীয় শক্তি কি ?
উত্তৰঃ- ভৃ-তাপীয় শক্তি হ'ল ভৃ-গৰ্ভত নিহিত হৈ থকা তাপীয় শক্তি । কেনেবাকৈ ভূৃ-গৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হয় । কেতিয়াবা তেনে অঞ্চৰ পানীয়ে ভৃ-পৃষ্ঠলৈ ওলাই আহাৰ নৰ্গম পথ বিচাৰি পায় । পাইপৰ যোগেদি শিলত আবদ্ধ হৈ থকা বাষ্প টাৰবাইনলৈ আনি বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰা হয় ।
4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি ?
উত্তৰঃ- নিউক্লীয় শক্তিৰ সুবিধাসমূহ হল-
i) ইউৰেনিয়াম, প্লুটনিয়াম বা থৰিয়ামৰ দৰে নিউক্লীয় ইন্ধনৰ কম পৰিমাণৰ পৰাই প্ৰচুৰ পৰিমাণে শক্তি পাব পাৰি ।
ii) নিউক্লীয় শক্তি প্ৰকল্পৰ ৰিয়েক্টৰত এবাৰ নিউক্লীয় ইন্ধন ভৰালে ই বহুদিনলৈ শক্তি প্ৰদান কৰিব পাৰে । সেয়েহে ই অধিক সুবিধাজনক ।
iii) প্ৰদূষণৰ মাত্ৰা কম ।
প্ৰশ্নাৱলী(পৃ্ষ্ঠা-253)
1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ?
উত্তৰঃ- কোনো শক্তিৰ উৎসয়ে প্ৰদূষণ মুক্ত হব নোৱাৰে। যিকোনো শক্তিৰ উৎসৰ ব্যৱহাৰ কিবা নহয় কিবা প্ৰকাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায় । উদাহৰণস্বৰূপে সৌৰ শক্তিৰ ব্যৱহাৰ প্ৰদূষণমুক্ত কিন্তু সৌৰ কোষৰ দৰে সজুঁলীৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱেশ প্ৰদূষিত হয় ।
2. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ'জেন ব্যৱহাৰ হয় । তোমালোকে ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰিবা ?
উত্তৰঃ- হাইড্ৰ'জেনক CNG তকৈ পৰিস্কাৰ ইন্ধন বুলি গণ্য কৰিব পাৰি কাৰণ-
i) হাইড্ৰজেনে CNG ৰ তুলনাত প্ৰতি একক ভৰত অধিক শক্তি যোগান ধৰে ।
ii) ই CNG ৰ দৰে সেউজগৃহ গেছ উৎপন্ন নকৰে ।
iii) ইয়া দহনৰ সয়ত মাত্ৰ পানীৰ বাষ্প নিৰ্গত কৰে যিয়ে পৰিৱেশ প্ৰদূষণ নকৰে ।
আনহাতে CNG য়ে প্ৰদূষণকাৰী গেছ যেনে CO2, CO আদি উৎপন্ন কৰে ।
প্ৰশ্নাৱলী(পৃষ্ঠা-254)
1. তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা । তোমাৰ পছন্দৰ কৰাণ দৰ্শোৱা ।
উত্তৰঃ-নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎস হল-
i) জলশক্তি আৰু
ii) বায়ুশক্তি ।
জল আৰু বায়ু শক্তি প্ৰতক্ষ আৰু পৰোক্ষভাৱে সূৰ্যৰ পৰা আহৰণ কৰা হয় । যি পৃথিৱীৰ সকলো শক্তিৰ মূল । এই শক্তিসমূহ যথেষ্ট পৰিমাণে আহৰণ কৰাৰ উপৰিও পুনঃ পুনঃ ব্যৱহাৰ কৰিব পাৰি । পৃথিৱীত জীৱ বৰ্তি থকা লৈকে জলশক্তি আৰু বায়ুশক্তি ব্যৱহাৰ কৰি থাকিব পৰা যাব ।
2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা । তোমাৰ পছন্দৰ কৰাণ দৰ্শোৱা ।
উত্তৰঃ- ক্ষয়িষ্ণু বুলি বিবেচনা কৰা দুটা শক্তি হল-
i) কয়লা আৰু
ii) পেট্ৰলিয়াম ।
পেট্ৰলিয়াম, কয়লা আদিৰ দৰে জীৱষ্ম ইন্ধন উৎপন্ন হবলৈ নিযুত-নিযুত বছৰৰ প্ৰয়োজন হয় আৰু ই সীমিত পৰিমাণে আছে । যদি ইয়াৰ ভঁৰাল শেষ হৈ যায় তেন্তে ইয়াক কম সময়ৰ ভিতৰত পুনৰ ঘূৰাই পোৱাটো অসম্ভৱ । সেয়েহে কয়লা, প্ৰট্ৰলিয়ামক ক্ষয়িষ্ণু শক্তিৰ উৎস হিচাপে বিবেচনা কৰিব পৰা যায় ।