প্ৰশ্নাৱলী (পৃষ্ঠা - 190)
1. চকুৰ উপযোজন ক্ষমতা কি ?
উত্তৰঃ-চকুৰ লেনছৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে ।
2. মায়পিয়াগ্ৰস্ত চকু থকা এজনে 1.2m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় । যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্ছ ব্যৱহাৰ কৰিব লাগিব ?
উত্তৰঃ- উপযুক্ত ক্ষমতাৰ অৱতল লেনছ্ ব্যৱহাৰ কৰি যথোচিত দৃষ্টি ঘূৰাই আনিব পাৰি ।
3. স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি ?
উত্তৰঃ- স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু অসীম আৰু নিকট বিন্দু 25 cm.
4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায় । লৰাজনে ভোগা বিকাৰটো কি হব পাৰে ? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি ?
উত্তৰঃ- লৰাজনে ভোগা বিকাৰটো হল মায়পিয়া । উপযুক্ত ক্ষমতাৰ অৱতল লেনছ্ ব্যৱহাৰ কৰি ইয়াৰ সংশোধন কৰিব পাৰি ।
অনুশীলনী (পৃষ্ঠা - 197)
1. মানুহৰ চকুৱে চকুৰ লন্ছৰ ফকাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দুৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে । ইয়াৰ কৰাণ হল-
a) প্ৰেছবায়পিয়া
b) উপযোজন ক্ষমতা
c) নিকট দৃষ্টিগ্ৰস্ততা
d) দূৰ দৃষ্টিগ্ৰস্ততা
উত্তৰঃ- b) উপযোজন ক্ষমতা
2. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান
a) কৰ্ণয়া
b) চকুৰ পতা
c) চকুৰ মণি
d) অক্ষিপট
উত্তৰঃ-d) অক্ষিপট
3. নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নূন্যতম দূৰত্ব-
a) 25m
b) 2.5cm
c)25cm
d) 2.5m
উত্তৰঃ- c)25cm
4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লন্ছৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় ?
a) চকুৰ মণি
b) অক্ষিপট
c) চিলিয়াৰী
d) চকুৰ পতা
উত্তৰঃ- c) চিলিয়াৰী
5. এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে 5.5 ডায়প্টাৰ ক্ষমতাৰ লন্ছৰ অৱশ্যক । তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে অৱশ্যকীয় লেন্ছৰ ক্ষমতা -1.5 ডায়প্টাৰ হলে
(i) দূৰ দৃষ্টিগ্ৰস্ততা
(ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ফকাছ দৈৰ্ঘ্য কিমান ?
6. নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত । এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান ?
7. দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা । দূৰ দৃষ্টগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1m. এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ ক্ষমতা কিমান ? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm.
8. সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ?
উত্তৰঃ- চিলিয়াৰী পেশীয়ে 25 cm তকৈ কম দূৰত্বত থকা বস্তু এটা লক্ষ্য কৰিবলৈ চকুৰ লন্ছখনক বেছি বেকা কৰিব নোৱাৰে । ফলত চকুৰ অভিসাৰী ক্ষমতা হ্ৰাস পায় । ইয়াৰ ফলত প্ৰতিবিম্ব ৰেটিনাত গঠন নহয় । সেইবাবে বস্তু এটা স্পষ্টকৈ দেখা নাপায় ।
9. চকুৰ পৰা লক্ষবস্তুৰ দৃৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দৃৰত্বৰ কি হয় ?
উত্তৰঃ- চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বৃদ্ধি হলে প্ৰতিবিম্বৰ দূৰত্ব অপৰিৱৰ্তনশীল হৈ থাকে । কিন্তু চকুৰ লেন্ছৰ ফকাছ দৈৰ্ঘ্য চিলিয়াৰী পেশীৰ দ্বাৰা এনেধৰণে মিলাই লোৱা হয় যাতে লক্ষ্যবস্তুটো সদায় অক্ষিপটত গঠন হয় । সেয়েহে যেতিয়া চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বৃদ্ধি হয়, চিলিয়াৰী পেশীবোৰ শিথিল হৈ লেন্ছটো ক্ষীণ হৈ পৰে । এনে অৱস্থাত চকুৰ লেন্ছখনৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে আৰু বস্তু এটা স্পষ্টকৈ দেখাত সহায় কৰে ।
10. তৰাই তিৰবিৰাই কিয় ?
উত্তৰঃ- যিহেতু তৰাবোৰ অতি দূৰত থাকে গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি । তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয় । তৰাটো কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা ম্লান যেন লাগে । এইটোৱে হৈছে তৰাৰ তিৰবিৰণি আৰু আমি তৰাবোৰ তিৰবিৰাই থকা দেখা পাওঁ ।
11. গ্ৰহই তিৰবিৰাই নাথাকে কিয় ?
উত্তৰঃ- গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত আৰু সেইবাবে সিহঁতক বিস্তৃত উৎস হিচাবে গণ্য কৰিব পাৰি । যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰোঁ তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিবৰ্তনৰ গড় মান শূন্য হব আৰু ইয়েই তিৰবিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে । সেয়েহে আমি গ্ৰহবোৰ তিৰবিৰাই থকা দেখা নাপাওঁ ।
12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ?
উত্তৰঃ- দিগন্তৰ ওচৰত সূৰ্ষৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে । দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংগবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায় । সেইবাবে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ । ইয়ে সূৰ্যটোক ৰঙচুৱা আভা প্ৰদান কৰে আৰু আমি সূৰ্যক ৰঙচুৱা দেখা পাওঁ ।
13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?
উত্তৰঃ- মহাকাশত সূৰ্যৰ পোহৰ বিক্ষিপ্ত কৰিবলৈ বায়ুমণ্ডল নাথাকে । যেতিয়া এজন মহাকাশচাৰীয়ে মহাকাশৰ পৰা দূৰলৈ চায় তেতিয়া তেওঁ এন্ধাৰহে দেখা পায় । যিহেতু তাত সূৰ্যৰ পোহৰ বিক্ষিপ্ত কৰিবলৈ একো নাথাকে । সেয়েহে এজন মহাকাশচাৰীয়ে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে ।