Skip to Content

Chapter 6 Science - Class 10

জীৱন প্ৰক্ৰিয়া
4 April 2026 by
ABHOY SWARGIARY

প্ৰশ্নাৱলী (পৃষ্ঠা - 95)

1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় ?

উত্তৰঃ- বহুকোষীয় জীৱৰ ক্ষেত্ৰত সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিৱেশৰ লগত সান্নিধ্যত নাথাকিবও পাৰে, সেয়েহে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে সিহঁতৰ বাবে লাগতিয়াল দ্ৰব্যবিলাক কোষৰ বাবে পৰ্যাপ্ত নহয় ।


2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম ?

উত্তৰঃ- কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিবলৈ নিৰিক্ষণ কৰিবলগীয়া ভিক্তিসমূহ হল-

(a) ই শ্বাস-প্ৰশ্বাস লৈ আছেনে ?

(b) ই কোনো বৃদ্ধি প্ৰদৰ্শন কৰিছেনে ?

(c) ই কোনো চাল-চলন প্ৰদৰ্শন কৰিছেনে ?


3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?

উত্তৰঃ- জীৱই বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লোৱা প্ৰয়োজনীয় কেঁচা সামগ্ৰীসমূহ হল- অক্সিজেন, পানী, খনিজ-পদাৰ্থ, খাদ্য আদি ।


4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা ?

উত্তৰঃ- জীৱৰ জীৱন বৰ্তি থাকিবলৈ অতি প্ৰয়োজনীয় প্ৰক্ৰিয়াবিলাক হল- পৰিপুষ্টি, শ্বসন, ৰেচন আৰু চালচল ক্ৰিয়া আদি ।

প্ৰশ্নাৱলী (পৃষ্ঠা - 101)

1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি ?

উত্তৰঃ-

স্বপোষিত পুষ্টিপৰপোষিত পুষ্টি
(i) জীৱসমূহ সালোক সংশ্লেষণৰ দ্বৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় ।(i) পৰপোষিত পুষ্টিৰ জীৱসমূহ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে খাদ্যৰ বাবে স্বপোষিত জীৱৰ ওপৰত নিৰ্ভৰশীল ।
(ii) প্ৰত্ৰহৰিৎ নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থৰ উপস্থিতিত অপৰিহাৰ্য ।(ii) কোনো ৰঞ্জক পদাৰ্থৰ প্ৰয়োজন নাই ।

2. সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে কত কত পায় ?

উত্তৰঃ-উদ্ভিদে সালোক সংশ্লেষণত প্ৰয়োজনীয় CO2 পাতৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা, পানী শিপাৰ দ্বাৰা মাটিৰ পৰা আৰু সূৰ্যৰ পৰা সূৰ্যৰ পোহৰ পাতৰ দ্বাৰা আহৰণ কৰে ।


3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি ?

উত্তৰঃ- আমাৰ পাকস্থলীত নিঃসৰিত HCl এচিডৰ ভূমিকা হল-

i) ই পেপচিন নামৰ উৎসেচক সক্ৰিয় কৰি তোলে ।

ii) খাদ্যৰ সৈতে পাকস্থলীত প্ৰৱেশ কৰা হানিকাৰক বীজাণুসমূহ ধ্বংস কৰে ।


4. পাচক উৎসেচকৰ কাৰ্য কি ?

উত্তৰঃ- পাচক উৎসেচকে খাদ্যৰ জটিল অৱস্থা ভাঙি সৰল অনুলৈ পৰিৱৰ্তন কৰে যাতে আমাল শৰীৰে খাদ্যখিনি সহজে শোষণ কৰি লব পাৰে ।


5. শোষণ হব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় ?

উত্তৰঃ- আমি খোৱা খাদ্যসমূহ সম্পূৰ্ণকৈ পাচন হয় ক্ষুদ্ৰান্তত । ক্ষুদ্ৰন্তটো পাচক নলীৰ আটাইতকৈ দীঘল অংশ আৰু বেছিকৈ পাক খোৱা । ক্ষুদ্ৰান্তৰৰ বেৰত আঙুলী সদৃশ ভিলাই নামৰ প্ৰৱৰ্ধক থাকে । এইবোৰ ৰক্তবাহী নলীকাৰ জালেৰে আৱৰী থাকে । এই জালবোৰে পাচন হোৱা খাদ্য শোষণ কৰে আৰু দেহৰ বিভিন্ন অংশৰ কোষলৈ সৰবৰাহ কৰে ।

প্ৰশ্নাৱলী (পৃষ্ঠা - 105)

1. শ্বাস প্ৰশ্বাসত অক্সিজন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি ?

উত্তৰঃ-স্থলচৰ প্ৰণীবোৰে বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন আহৰণ কৰিব পাৰে কিন্তু জলচৰ প্ৰাণীবোৰে পানীত দ্ৰবীভূত হৈ থকা অক্সিজেনহে শোষন কৰিব পাৰে ।

যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনতকৈ তুলনামূলকভাৱে কম, সেইকাৰণে জলচৰ প্ৰণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয় ।

2. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকজ জাৰিত হৈ শক্তি উৎপন্ন হয় ?

উত্তৰঃ- i) অবাত শ্বসন- এই প্ৰক্ৰিয়া কোষপ্ৰৰসত অক্সিজেনৰ অনুপস্থিতিত তিনিটা কাৰ্বন অনুযুক্ত পাইৰুভেত্ অনু ভাঙি ইথানল আৰু CO2 হোৱাৰ লগতে শক্তি উৎপন্ন হয় । (ইষ্টৰ দেহৰ কিন্বণ প্ৰক্ৰিয়াত সংঘটিত হয়।)

ii) সাবত শ্বসন- অক্সিজেনৰ উপস্থিতিত কোষৰ মাইটকণ্ড্ৰিয়াত তিনিটা কাৰ্বনযুক্ত পাইৰুভেত্ অনু ভাঙি CO2 আৰু শক্তি উৎপন্ন হয় ।

iii) কম পৰিমাণৰ অক্সিজেনৰ উপস্থিতিত হোৱা শ্সন- কেতিয়াবা আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণ কমি গলে পাইৰুভেত্ অনু ভাঙি লেক্টিক এচিড আৰু শক্তি উৎপন্ন হয় ।

3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয় ?

উত্তৰঃ-মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থ হিমগ্লবিনৰ অক্সিজেনৰ প্ৰতি আসক্তি বহুত বেছি । হাওঁফাওঁৰ পৰা হিমগ্লবিনে অক্সিজেন লৈ শৰীৰৰ অক্সিজেন কম থকা কলাবোৰত বিতৰণ কৰে । আনহাতে অক্সিজেনতৈ কাৰ্বন ডাই অক্সাইড পানীত বেছিকৈ দ্ৰৱীভূত হয় । সেইবাবে ই শৰীৰৰ বিভিন্ন অংশৰ কোষৰ পৰা তেজত দ্ৰৱীভূত পানীৰ জৰিয়তে হাওঁফাওঁলৈ আহে ।

4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে ?

উত্তৰঃ- হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয় । এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয় । বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে । উশাহ লোৱাৰ সময়ত আমাৰ কামিহাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছেদাখন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে । ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে ।

প্ৰশ্নাৱলী (পৃষ্ঠা - 110)

1. মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য ভাগকেইটা কি কি ? ইয়াৰ কাৰ্যসমূহ কি কি ?

উত্তৰঃ- মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য ভাগকেইটা হল- তেজ, ৰক্তনলীকা, হৃদযন্ত্ৰ আৰু লসিকা ।

ইয়াৰ কাৰ্সমূহ তলত দিয়া ধৰণৰ-

i) তেজ- ই দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ আদি পৰিবহণ কৰে ।

ii) ৰক্তজালীকা- এইবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগবোৰলৈ আৰু দেহৰ বিভিন্ন আংগৰ পৰা তেজ কঢ়িয়াই হৃদযন্ত্ৰলৈ উভতাই আনে ।

iii) হৃদযন্ত্ৰ- ই দেহৰ সকলো অংশতে অক্সিজেনযুক্ত তেজ পাম্প কৰে ।

iv) লসিকা- ইহঁতে অন্ত্ৰৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বী অংশ কিঢ়িয়াই নিয়ে ।

2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?

উত্তৰঃ-পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায়ে নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে । যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক হয় । সেইবাবে এই জীৱসমূহৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰখাৰ প্ৰয়োজন । এইবোৰ জীৱৰ হৃদযন্ত্ৰ বাওঁফালটোৱে বিশুদ্ধ আৰু সোঁফালটোৱে অশুদ্ধ তেজ সৰবৰাহ কৰে ।

3. উচ্চখাপৰ উদ্ভদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি ?

উত্তৰঃ- উচ্চখাপৰ উদ্ভিদৰ এক বিশেষ পৰিবহণ তন্ত্ৰ থাকে । যিটো মূখ্যতঃ দুবিধ সংবহন কলা জাইলেম আৰু ফ্লোৱেমৰ দ্বাৰা গঠিত ।


4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় ?

উত্তৰঃ- জাইলেম কলাৰ নলিকা বিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ মাজত সংযোগ হৈ দেহটোৰ বিভিন্ন অংশলৈ পানী আৰু খনিজ লৱণ সৰবৰাহ হব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে । শিপাৰ যিবিলাক কোষ মাটিৰ লগত সংযোগ হৈ থাকে, সেইবিলাকে আয়নৰ গাঢ়তাৰ তাৰতম্যৰ বাবে মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে । বাষ্পমোচনে পানী আৰু খনিজ লৱণ বিলাক শিপাৰ পৰা উৰ্ধমূখী গতি লাভ কৰাত সহায় কৰে ।

5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহণ ঘটে ?

উত্তৰঃ- সালোক সংশ্লেষণত উৎপাদিত খাদ্য উদ্ভিদে ফ্লৱেম নামৰ সংবহন কলাৰ যোগেতি সৰবৰাহ কৰে । তদুপৰি, ফ্লৱেমে এমিন এচিড আৰু কিছুমান অন্যান্য পদাৰ্থও পৰিবহণ কৰে । এইবিলাক পদাৰ্থ বিশেষকৈ শিপা, ফল, বীজ আৰু বিকশিত অংগলৈ স্থানান্তৰণ ঘটে । খাদ্য আৰু অন্যান্য পদাৰ্থবিলাক উদ্ভিদে ফ্লৱেম কলাৰ দ্বাৰা উৰ্ধমূখী আৰু নিম্নমূখী দুয়োটা দিশতে সহবৰাহ কৰে ।

প্ৰশ্নাৱলী (পৃষ্ঠা - 112)

1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ।

উত্তৰঃ-বৃক্কত অসংখ্য সৰু সৰু পাতল বেৰৰ ৰক্তজালিকা থাকে । এইবোৰে বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন কৰে । এই নলীকাবোৰক নেফ্ৰন বোলে ।

নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুকজ, এমিন এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয় । দেহত কিছুমান অতিৰিক্ত পানী আৰু কিছু পৰিমাণে দ্ৰৱীভূত বৰ্জিত পদাৰ্থ থাকে । তাৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ অধিশোষণ কৰি লয় ।

2. উদ্ভিদে কি কি উপায়েৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ।

উত্তৰঃ- উদ্ভিদে সিহঁতৰ দেহৰ মৃত কোষৰ কলাবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ যোগেদি ৰেচন ক্ৰিয়া সমাধা কৰে । প্ৰায়খিনি বৰ্জিত পদাৰ্থ কোষৰ ৰসধানীত সঞ্চিত হৈ থাকে । অন্যান্য কিছুমান উৎপাদিত বৰ্জিত পদাৰ্থ বিশেষকৈ পূৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে । উদ্ভিদে কেতিয়াবা কিছুমান বৰ্জিত পদাৰ্থ সিহঁতৰ চাৰিওপাশে থকা মাটিত উলিয়াই দিয়ে ।

3. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমান নিয়ন্ত্ৰণ কৰিব পাৰি ?

উত্তৰঃ- মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰণত বৃক্কই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মূত্ৰ উৎপাদনৰ পৰিমাণ বিশেষকৈ নিৰ্ভৰ কৰে-

i) দেহত শোষিত হৈ থকা অত্যাধিক পানীৰ পৰিমাণৰ ওপৰত ।

ii) দেহত দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ পৰিমাণৰ ওপৰত ।

অনুশীলনী (পৃষ্ঠা - 113)

1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-

(a) পৰিপুষ্টি

(b) শ্বসন

(c) ৰেচন

(d) পৰিবহণ

উত্তৰ- (c) ৰেচন

2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হল-

(a) পানীৰ পৰিবহন

(b) খাদ্যৰপৰিবহন

(c) এমিন এচিডৰ পৰিবহন

(d) অক্সিজেনৰ পৰিবহন

উত্তৰ- (a) পানীৰ পৰিবহন


3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়-

(a) কাৰ্বন ডাই অক্সাইড আৰু পানী

(b) পত্ৰহৰিৎ

(c) সূৰ্যৰ পোহৰ

(d) ওপৰৰ আটাইকেইটা ।

উত্তৰঃ- (d) ওপৰৰ আটাইকেইটা ।

4. পাইৰুভেত্ অনু ভাঙি কাৰ্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-

(a) চাইটপ্লাজমত

(b) মাইটকন্ড্ৰিয়াত

(c) ক্লৰপ্লাষ্টত

(d) কোষকেন্দ্ৰত

উত্তৰঃ- (b) মাইটকন্ড্ৰিয়াত

5. আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ কোনেদৰে পাচন হয় ? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয় ?

উত্তৰঃ- পাচন নলীৰ ক্ষুদ্ৰান্তৰ অংশতেই চৰ্বীসমূহ সম্পূৰ্ণভাৱে পাচন হয় । যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে খাদ্যসমূহ ক্ষাৰকীয় কাৰাৰ লগতে খাদ্যৰ চৰ্বী অংশত ক্ৰিয়া কৰে । পিত্ত লৱণৰ উপস্থিতিত চৰ্বী অনুসমূহ সৰল অনুলৈ ৰূপান্তৰিত হয় আৰু এইবোৰৰ ওপৰত উৎসেচকে সহজে ক্ৰিয়া কৰে আৰু চৰ্বীসমূহ পাচন ঘটায় । ক্ষুদ্ৰন্তত নিঃসৰিত আন্ত্ৰিক ৰসত থকা উৎসেচকে অৱশিষ্ট চৰ্বীসমূহক ফেটী এছিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰে । এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো শৰীৰৰ ক্ষুদ্ৰান্তৰ অংশত সংঘটিত হয় ।

6. পাচনত লালটিৰ ভূমিকা কি ?

উত্তৰঃ- লালটিত থকা উৎসেচক লালটি এমাইলেজে মুখগহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ ৰূপান্তৰিত কৰে । লালটিয়ে বেৰখন কোমল কৰে আৰু আহাৰখিনি তিয়াই পিচল কৰি ৰাখে । ইয়াৰ ফলত খাদ্যখিনি নলীৰ পশ্চাৎ অংশলৈ গতি কৰিবলৈ সহায় হয় । অপাচিত খাদ্যখিনি পাচল নলীৰ নিৰ্দিষ্ট লয়যুক্ত সংকুচনৰ দ্বাৰা পাচন নলীৰ পশ্চাৎ অংশলৈ গতি কৰে ।

7. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?

উত্তৰঃ- স্বপোষীত পুষ্টিৰ কাৰণে প্ৰয়োজনীয় কাৰকসমূহ হল- সূৰ্যৰ পোহৰ, পানী, কাৰ্বন ডাই অক্সাইড আৰু উদ্ভিদৰ পাতত থকা পত্ৰহৰিৎ নামৰ সেউজিয়া ৰঞ্জক পদাৰ্থ । ইয়াৰ উপজাত পদাৰ্থবোৰ হল- গ্লুকজ, অক্সিজেন আৰু পানী ।

8. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা ।

উত্তৰঃ-

সবাত শ্বসনঅবাত শ্বসন
i) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় ।i) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় ।
ii) এই প্ৰক্ৰিয়াটো কোষপ্ৰৰসৰ মাইটকন্ড্ৰিয়াত সংঘটিত হয় ।ii) এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো কোষপ্ৰৰসত সংঘটিত হয় ।

সবাত শ্বসন মানুহৰ দেহত আৰু অবাত শ্বসন ইষ্টৰ দেহত সংঘটিত হয় ।

9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে ?

উত্তৰঃ- হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয় । এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয় । বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে । উশাহ লোৱাৰ সময়ত আমাৰ কামিহাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছেদাখন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে । ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে ।

10. আমাৰ দেহত হিমগ্লবিন (অক্সিজেন)ৰ পৰিমাণ কমি গলে কি হব ?

উত্তৰঃ- আমাৰ দেহত হিমগ্লবিনৰ পৰিমাণ কমি গলে হ'ব পৰা পৰিণতি সমূহ হ'ল-

i) দেহত শক্তিৰ অভাৱ দেখা দিব ।

ii) ৰক্তহীনতা নামৰ অভৱজনীত ৰোগ দেখা দিব ।

iii) আমাৰ দেহৰ প্ৰতিৰুধ ক্ষমতা হ্ৰাস পাব আৰু দুৰ্বলতা, ভাগৰ আদিৰ দৰে লক্ষণসমূহ দেখা দিব ।

11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা । ইয়াৰ প্ৰয়োজন কি ?

উত্তৰঃ- মানুহৰ দেহত দেহৰ বিভিন্ন অংগসমূহৰ পৰা অক্সিজেন বিহীন তেজ হৃদযন্ত্ৰৰ সোঁ অলিন্দত আহে যৰ পৰা ই সোঁ নিলয়ত প্ৰৱেশ কৰে । তাৰ পিছত সোঁ নিলয়টো সংকুচিত হৈ হাওঁফাওঁলৈ যায় । যত তেজসমূহ অক্সিজেনযুক্ত হয় । এই অক্সিজেনযুক্ত তেজসমূহ তাৰ পিছত বাওঁ অলিন্দলৈ আহে আৰু বাওঁ নিলয় হৈ দেহৰ সকলো অংশলৈ যায় । এই চক্ৰটোত তেজসমূহ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হয় । ইয়াকে তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয় ।

ইয়াৰ প্ৰয়োজনীয়তা সমূহ হল-

i) বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখে । যিটো দেহৰ উষ্ণতা নিয়ন্ত্ৰনৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ শক্তি উৎপাদন কৰাৰ বাবে প্ৰয়োজনীয় ।

ii) দেহৰ কোষসমূহলৈ সঠিক পৰিমাণৰ অক্সিজেন যোগানত সহায় কৰে ।

12. জাইলেম আৰু ফ্লৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি ?

উত্তৰঃ-

জাইলেম ফ্লৱেম
i) পানী আৰু খনিজ জৱণৰ পৰিবহণ কৰে । i) সালোক সংশ্লেষণত উৎপন্ন হোৱা খাদ্য, এমিন এচিড আদি পৰিবহণ কৰে ।
ii) ইয়াৰ পৰিবহণৰ দিশ উৰ্ধমূখী, অৰ্থাৎ শিপাৰ পৰা অন্য অংগসমূহলৈ ।ii) উৰ্ধমূখী আৰু নিম্নমূখী দুয়োটা দিশতে পৰিবহণ কৰে ।

13. হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ।

উত্তৰঃ-

বাযুকোষনেফ্ৰন
i) বাযুকোষসমূহ আকৃতিত বায়ু মোনাৰ দৰে ।i) নেফ্ৰনসমূহ কাপ সদৃশ চুঙা আকৃতিৰ হয় ।
ii) এইবোৰ হাওঁফাওঁত থাকে ।ii) এইবোৰ বৃক্কত থাকে ।
iii) এইবোৰৰ বেৰত ৰক্তজালিকা বিস্তৃত হৈ থাকে ।iii) বৃক্কৰ লগত কাপ সদৃশ ৰক্তজালিকাৰ এক সংযোগ স্থাপন কৰে ।