Skip to Content

Chapter 8 Science - Class 10

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ?
4 April 2026 by
ABHOY SWARGIARY

প্ৰশ্নাৱলী(পষ্ঠা-128)

1. প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি ?

উত্তৰঃ- প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতা হল-

i) পিতৃ-মাতৃৰ পৰা সন্তান সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰে ।

ii) পিতৃ-মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰে ।

iii) DNA প্ৰতিলিপিকৰণৰ ফলত পিছৰ জনুত কিছু ভিন্নতা অনা ।

2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?

উত্তৰঃ- ভিন্নতাৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ এটা প্ৰজাতিৰ সদস্যবোৰৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন সূচোৱা হয় । কেতিয়াবা পৰিৱেশৰ প্ৰাকৃতিক কাৰণত যেনে উষ্ণতাৰ বাবে সমগ্ৰ প্ৰজাতিৰ অস্থিত্ব প্ৰভাৱিত কৰিব পাৰে । এনে পৰিস্থিতিত কেইটামান জীৱৰ ভিন্নতাই সিহঁতৰ অস্থিত্বৰ সূযোগ বৃদ্ধি কৰিব ।

অৱশ্যে একক জীৱৰ কৰাণে ভিন্নতা গুৰুত্বপূৰ্ণ নহয় , কিয়নো ইয়াৰ জৰিয়তে দৈহিক বিকৃতি বা জিনীয় বংশগতিৰ সূচনা হব পাৰে ।

প্ৰশ্নাৱলী(পৃষ্ঠা-133)

1. দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদ কি কি ?

উত্তৰঃ- দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহুবিভাজনৰ মাজত প্ৰভেদবোৰ হল-

i) দ্বিবিভাজনত এটা জীৱৰ পৰা দুটা নতুন জীৱৰ সৃষ্টি হয় আনহাতে বহুবিভাজনত এটা জীৱৰ পৰা বহুতো জীৱৰ সৃষ্টি হয় ।

ii) দ্বিবিভাজনত কোষ কেন্দ্ৰ বিভাজিত হৈ দুটা কোষকেন্দ্ৰ সৃষ্টি কৰে আৰু দুটা জীৱলৈ ৰূপান্তৰিত হয় । আনহাতে বহুবিবাজনৰ ক্ষেত্ৰত কোষকেন্দ্ৰটো বিভাজিত হৈ বহুসংখ্যক আপত্য কোষকেন্দ্ৰৰ সৃষ্টি কৰে আৰু বহুতো জীৱৰ সৃষ্টি হয় ।

এমিবাৰ ক্ষেত্ৰত দ্বিবিভাজন আৰু প্লাজমডিয়ামৰ ক্ষেত্ৰত বহুবিভাজন দেখা যায় ।

2. যদি কোনো জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভাম্বিত হব ?

উত্তৰঃ- জীৱই ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰিলে তলত দিয়া ধৰণে লাভাম্বিত হব-

i) ৰেণুবোৰ ডাঠ আৱৰণৰ দ্বাৰা আবৃত্ত হৈ থাকে আৰু সেয়েহে প্ৰতিকুল বতৰতো বৰ্তি থাকে ।

ii) এটা ৰেণুধানীত বহুতো ৰেণুৰ উৎপত্তি হয় । ৰেণুৰবোৰ অতি ক্ষুদ্ৰ হোৱা হেতুকে বতাহৰ দ্বাৰা বহু দূৰলৈ স্থানান্তৰিত হব পাৰে । যেনে- ৰাইজ'পাচ্ ।

3. উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শাব পাৰিবানে ?

উত্তৰঃ- উচ্চ খাপৰ জীৱই পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱ উৎপত্তি কৰিব নোৱাৰে কিয়নো সিহঁত বিশেষ ধৰণৰ কলাৰে গঠিত । এই ক্ষেত্ৰত ভগ্ন(বিচ্ছিন্ন) দৈহিক অংগৰ দ্বাৰা অংগসমূহ সৃষ্টি কৰিব নোৱাৰি । অৱশ্যে জেঠীৰ দৰে কিছুমান জীৱই সিহঁতৰ নেজডাল পুনৰ সৃষ্টি কৰিব পাৰে । কিন্তু বিচ্ছিন্ন নেজডালে গোটেই জীৱটোৰ সৃষ্টি কৰিব নোৱাৰে ।

4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয় ?

উত্তৰঃ- বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয় কাৰণ-

i) এই প্ৰক্ৰিয়াৰে সৃষ্টি হোৱা উদ্ভিদ, বীজৰ পৰা উৎপন্ন হোৱা উদ্ভিদৰ তুলনাত কম সময়তে ফুল ফল ধৰে ।

ii) বীজ উৎপাদনৰ ক্ষমতা হেৰুৱা উদ্ভিদ যনে- কল, গোলাপ আদিয়ে এই পদ্ধতিৰে বংশ বিস্তাৰ কৰিব পাৰে ।

iii) এই পদ্ধতিৰে উৎপন্ন হোৱা উদ্ভিদবিলাক আনুবংশিকভাৱে একে হোৱাৰ উপৰিও চৰিত্ৰগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ সৈতে একে হয় ।

5. প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন ?

উত্তৰঃ- প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতা হল-

i) পিতৃ-মাতৃৰ পৰা সন্তান সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰে ।

ii) পিতৃ-মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰে ।

iii) DNA প্ৰতিলিপিকৰণৰ ফলত পিছৰ জনুত কিছু ভিন্নতা অনা ।

প্ৰশ্নাৱলী(পৃষ্ঠা-140)

1. নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কিনেধৰণৰ ?

উত্তৰঃ-

নিষেচনপৰাগযোগ
i) কোষৰ মিলন ঘটে ।i) কোষৰ মলন নঘটে ।
ii) ডিম্বাশয়ত সংগঠিত হয় ।ii) গৰ্ভমূণ্ডৰ পৃষ্ঠভাগত সংগঠিত হয় ।
iii) জনন কোষ গঠনৰ পাছত সংগঠিত হয় ।iii) নিষেচন প্ৰক্ৰিয়াৰ পাছত সংগঠিত হয় ।

2. শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি ?

উত্তৰঃ- শুক্ৰানুৰ গতিপথত সহায় কৰে আৰু সিহঁতক পুষ্টিৰ যোগান ধৰে ।

3. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায় ?

উত্তৰঃ- কৈশোৰ কালত ছোৱালীৰ দেহত দেখা পৰিৱৰ্তনসমূহ হ'ল-

i) ছোৱালীবিলাকৰ স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰৰ ছালখন কলা হয় ।

ii) এই সময়ত ছোৱালীবিলাকৰ ঋতুচক্ৰ আৰম্ভ হয় ।

iii) মুখৰ ছাল তেলতেলীয়া হয় আৰু ফলত এই অংশত শালমইনা উঠে ।

4. মাতৃদেহত ভ্ৰূণকোষ কেনেকৈ পুষ্টি লাভ কৰে ?

উত্তৰঃ- গৰ্ভাৱস্থাত ভ্ৰূণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰদ্বাৰা বান্ধ খাই থাকে । ইয়াক অমৰা বাপ্লেচেন্টা বোলে । এই প্লেচেন্টাৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰূণটোৱে পুষ্টি লাভ কৰে আৰু মাতৃদেহৰ পৰা গ্লু'ক'জ আৰু অক্সিজেন ভ্ৰূণটোলৈ সৰবৰাহ কৰে ।

5. যদি মহিলা এগৰাকীয়ে কপাৰ টি (Copper-T) ব্যৱহাৰ কৰে, তেতিয়া ই যোন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হবনে ?

উত্তৰঃ- যদি মহিলা এগৰাকীয়ে কপাৰ টি ব্যৱহাৰ কৰে তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী নহব । ই এবিধ গৰ্ভ নিৰোধক পদ্ধতি যিয়ে গৰ্ভধাৰণ প্ৰতিৰোধতহে সহায় কৰে ।

অনুশীলনী(পৃষ্ঠা-141)

1. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয়-

a) এমিবাত

b) ইষ্ট

c) প্লাজম'ডিয়ামত

d) লেইচ্মেনিয়াত

উত্তৰঃ-b) ইষ্ট

2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় ?

a) ডিম্বাশয় ।

b) জৰায়ু ।

c) শুক্ৰবাহী নলী ।

d) ফেলোপিয়ান নলী ।

উত্তৰঃ- c) শুক্ৰবাহী নলী ।

3. পৰাগধানীত পোৱা হয়-

a) বেটুপাত

b) ডিম্বক

c)স্ত্ৰীকেশৰ

d) পৰাগ ৰেণু

উত্তৰঃ- d) পৰাগ ৰেণু

4. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ- অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ হল-

i) অযৌন প্ৰজননত সন্তান-সন্ততিৰ ভিন্নতাৰ অভাৱ দেখা যায় । আনহাতে যৌন প্ৰজননৰ জৰিয়তে সন্তান-সন্ততিৰ ভন্নতা প্ৰকাৰণ নিশ্চিত হয় ।

ii) অযৌন প্ৰজননত সন্তান-সন্ততিৰ বৰ্তি থকা সুযোগ কম । আনহাতে যৌন প্ৰজননত সন্তান-সন্ততিৰ বৰ্তি থকা সুযোগ বেছি ।

5. মানুহৰ শুক্ৰশয় কেইটাই কি কি কাম কৰে ?

উত্তৰঃ- মানুহৰ শুক্ৰাশয় কেইটাৰ কাম হল-

i) শুক্ৰাশয়ে শুক্ৰাণু গঠন কৰে ।

ii) টেষ্ট'ষ্টেৰণ নামৰ হৰমন উৎপন্ন কৰে যিয়ে শুক্ৰাণুৰ উৎপাদন নিয়ন্ত্ৰণ কৰে ।

6. ঋতুস্ৰাৱ কিয় হয় ? OR ঋতুচক্ৰ কেনেদৰে সংঘটিত হয় ?

উত্তৰঃ- ডিম্বাশয়ে প্ৰতি মাহতে এটাকৈ ডিম্বকোষ সৃষ্টি কৰে আৰু গৰ্ভাশয়টোৱে প্ৰতি মাহতে একোটা নিষেচিত ডিম্ব পালন কৰিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখে । সেয়ে ডিম্বশয়ৰ অন্তঃআচ্ছাদক কোমল আৰু ডাঠ হয় । যদি নিষেচন নহয় তেতিয়া আচ্ছাদকখন ভাঙি যায় আৰু ৰক্ত আৰু শ্লেষ্মা হিচাপে যোনি পথেদি বাহিৰ হৈ যায় । প্ৰতি মাহে এইটো চক্ৰকাৰে চলি থাকে আৰু ইয়াকে ঋতুচক্ৰ বোলে । এই প্ৰক্ৰিয়া 2-8 দিন থাকে ।

7. দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা ।

উত্তৰঃ-

8. বিভিন্ন প্ৰকাৰৰ গৰ্ভৰোধ পদ্ধতিসমূহ কি কি ?

উত্তৰঃ- বিভিন্ন প্ৰকাৰৰ গৰ্ভ নিৰোধ পদ্ধতিসমূহ হ'ল-

i) দেহৰ হৰমনৰ পৰিমান নিয়ন্ত্ৰণ কৰি ডিম্বাকক্ষৰণ বন্ধ কৰা হয় । ইয়াৰ ফলত নিষেচন হব নোৱাৰে । ইয়াক অৰেল কন্ট্ৰাচেপটিভ বোলে । ইয়াৰ ঔষধবোৰ পিল বা বড়ী আকাৰে পোৱা যায় ।

ii) অন্য এবিধ গৰ্ভ নিৰোধক পদ্ধতি হ'ল- কপাৰ টি । ইয়াক গৰ্ভশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰা হয় ।

iii) বান্ধ্যকৰণ(Surgical) পদ্ধতিৰেও গৰ্ভনিৰোধ কৰা হয় ।

9. এককোষী আৰু বহুকোষী জীৱৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কৌশল সমূহৰ ভিন্নতা কেনেধৰণৰ ?

উত্তৰঃ- এককোষী আৰু বহুকোষী জীৱৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কৌশল সমূহৰ ভিন্নতা সমূহ হ'ল-

i) এককোষী জীৱৰ প্ৰজননত অযৌন প্ৰজনন পদ্ধতি দেখা যায় । আনহাতে বহুকোষী জীৱৰ প্ৰজননত অযৌন আৰু যৌন দুয়োবিধ পদ্ধতি দেখা যায় ।

ii) এককোষী জীৱৰ প্ৰজনন সম্পন্ন কৰিব পৰাকৈ কোনো বিশেষ কলা বা অংগ নাথাকে । আনহাতে বহুকোষী জীৱৰ প্ৰজনন সম্পন্ন কৰিব পৰাকৈ বিশেষ কলা বা অংশ থাকে ।

10. প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে ?

উত্তৰঃ- প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি ৰক্ষাত তলত দিয়া ধৰণে সহায় কৰে-

i) জন্ম আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰে ।

ii) এটা প্ৰজাতি বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰে ।

ii) প্ৰজাতিৰ আবাদিত ভন্নতাৰ উত্তৰন কৰে ।

11. গৰ্ভৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি ?

উত্তৰঃ- গৰ্ভৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণসমূহ হ'ল-

i) এগৰাকী মহিলা গৰ্ভধাৰণৰ বাবে মানসিক বা দৈহিকভাৱে প্ৰস্তুত নোহোৱা ।

ii) জনসংখ্যা বৃদ্ধিৰ নিয়ন্ত্ৰণ ।

iii) পৰিয়াল পৰিকল্পনা ।

iv) অবাঞ্চিত গৰ্ভধাৰণ প্ৰতিৰোধ ।