প্ৰশ্নাৱলী ( পৃষ্ঠাঃ 168)
1. অৱতল দাপোনৰ মূখ্য ফ'কাছৰ সংজ্ঞা দিয়া ।
উত্তৰঃ অৱতল দাপোনৰ মূখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰৰ ৰশ্মিয়ে প্ৰতিফলনৰ পিছত মূখ্য অক্ষক যিটো বিন্দুত কাটে, সেই বিন্দুকে অৱতল দাপোনৰ মূখ্য ফ'কাছ বোলে ।
2. গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি । ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কিমান ?
উত্তৰঃ ইয়াত,
ভাঁজ ব্যাসাৰ্ধ (R) = 20 cm,
ফ'কাছ দৈৰ্ঘ্য (f) = ?
আমি জানো যে,
f = R/2 = 20/2 cm = 10 cm
গতিকে, নিৰ্ণেয় ফ'কাছ দৈৰ্ঘ্য = 10 cm.
3. এখন দাপোনৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে ।
উত্তৰঃ অৱতল দাপোন ।
4. গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয় ?
উত্তৰঃ গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন পছন্দ কৰা হয় কাৰণ উত্তল দাপোনে সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে । তদুপৰি উত্তল দাপোন যিহেতু বাহিৰলৈ বেঁকা গতিকে এইবিলাকৰ দৃষ্টিক্ষেত্ৰ বহল ।
প্ৰশ্নাৱলী ( পৃষ্ঠাঃ 171)
1. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা ।
উত্তৰঃ ইয়াত,
উত্তল দাপোনৰ-
ভাঁজ ব্যাসাৰ্ধ (R) = +32 cm,
ফকাছ দৈৰ্ঘ্য (f) = ?
আমি জানো যে,
ফকাছ দৈৰ্ঘ্য (f) = R/2 = 32/2 = 16 cm
গতিকে, নিৰ্ণেয় ফকাছ দৈৰ্ঘ্য = +16cm.
2. অৱতল দাপোন এখনে ইয়াৰ সন্মুখত ১০ ছে.মি. দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে । প্ৰতিবিম্বৰ আৱস্থান কি ?
সমাধানঃ ইয়াত,
অৱতল দাপোনৰ-
লক্ষবস্তুৰ দূৰত্ব (u) = -10 cm,
বিবৰ্ধন (m) = -3 (যিহেতু প্ৰতিবিম্বটো সৎ),
প্ৰতিবিম্বৰ অৱস্থান (v) = ?
আমি জানো যে,
বিবৰ্ধন (m) = -v/u
mu = -v
-v = mu
-v = -3 x -10
-v = 30
v = -30 cm
গতিকে, প্ৰতিবিম্বৰ দূৰত্ব = 30 cm.
প্ৰশ্নাৱলী ( পৃষ্ঠাঃ 176)
1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে । পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হব ? কিয় ?
উত্তৰ- পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেকা হব । কিয়নো পোহৰৰ ৰশ্মি আলোকীভাৱে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিলে ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয় আৰু উলম্বৰ দিশলৈ বেঁকা হয় । যিহেতু পানীৰ আলোকীঘনত্ব বায়ুতকৈ বেছি গতিকে পোহৰৰ ৰশ্মি পানীত প্ৰৱেশ কৰিলে উলম্বৰ কাষলৈ বেঁকা হব । (Answer Page- 175)
2. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে । কাঁচত পোহৰৰ দ্ৰুতি কিমান হব ? শূন্যত পোহৰৰ দ্ৰুতি 3 x 108 m প্ৰতি ছেকেণ্ড ।
উত্তৰ- ইয়াত,
কাঁচৰ প্ৰতিসৰণাংক, ng= 1.5
শূণ্যত পোহৰৰ দ্ৰুতি, c = 3x108 m/s
কাঁচত পোহৰৰ দ্ৰুতি, v =?
কাঁচৰ প্ৰতিসৰনাংক = (শূণ্যত পোহৰৰ দ্ৰুতি)/ (কাঁচত পোহৰৰ দ্ৰুতি)

গতিকে কাঁচত পোহৰৰ দ্ৰুতি = 2 x 108 m/s
3. তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা । আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা ।
উত্তৰ- তালিকা 10.3 ৰ পৰা দেখা গল যে হীৰাৰ প্ৰতিসৰণাংক (2.42) সৰ্বোচ্চ । গতিকে হীৰাৰ আলোকী ঘনত্ব সৰ্বোচ্চ আৰু আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটো হল বায়ু কিয়নো ইয়াৰ প্ৰতিসৰণাংক আটাইতকৈ কম (1.0003) । (Answer Page- 175)
4. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে । এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ? তালিকা 10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা ।
উত্তৰ- তালিকা 10.3 ৰ পৰা আমি পাওঁ-
কেৰাচিন, টাৰপেনটাইন আৰু পানীৰ প্ৰতিসৰণাংক ক্ৰমে- 1.44, 1.47 আৰু 1.33 । যিহেতু এই মাধ্যমকেইটাৰ ভিতৰত পানীৰ প্ৰতিৰসণাংক আটাইতকৈ কম । গতিকে ইহঁতৰ ভিতৰত পানীৰ আলোকী ঘনত্ব কম । সেয়ে পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হব । (Answer Page- 175)
5. হীৰাৰ প্ৰতিসৰণাংক 2.42 । এই উক্তিটোৰ অৰ্থ কি ?
উত্তৰ- হীৰাৰ প্ৰতিসৰণাংক 2.42 । এই উক্তিটোৰ অৰ্থ হল শূণ্যত (বায়ুত) পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42 । (Answer Page- 175)
প্ৰশ্নাৱলী ( পৃষ্ঠাঃ 184)
1. লেন্ছ এখনৰ 1 ডায়প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া ।
উত্তৰ- যদি এটা লেনছৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ হয় তেন্তে ইয়াৰ ক্ষমতা হব 1 ডায়প্টাৰ । লেনছৰ ক্ষমতাক D আখৰেৰে খূচোৱা হয় । (Answer Page- 184)
2. উত্তল লেন্ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি. দূৰত্বত গঠন কৰে । যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লন্ছৰ সন্মুখত কত ৰখা হৈছে । নিৰ্ণয় কৰা। (Formula Page- 169, 182)
উত্তৰ- ইয়াত,
উত্তল লেনছ এখনৰ
প্ৰতিবিম্বৰ দূৰত্ব, v= 50 cm
লক্ষ্যবস্তুৰ দূৰত্ব, u=?
আকৌ, যিহেতু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমায় আৰু প্ৰতিবিম্বটো সৎ আৰু ওলোটা ।
গতিকে
বিবৰ্ধন, m = -1
v/u= -1
v = -1u
u = v/-1 = 50/ (-1) = -50 cm
গতিকে লক্ষ্যবস্তুটো উত্তল লন্ছৰ সন্মুখত 50 cm দূৰত্বত ৰখা হৈছে ।
3. 2m ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা । (Formula Page- 181, 183)
উত্তৰ- ইয়াত,
অৱতল লেনছৰ
ফকাছ দৈৰ্ঘ্য, f = -2m (যিহেতু অৱতল, গতিকে ফকাছ দৈৰ্ঘ্য ঋনাত্মক)
এতিয়া, ক্ষমতা, P =1/f = 1/ (-2) = -0.5D
গতিকে অৱতল লেনছখনৰ ক্ষমতা -0.5D ।
অনুশীলনী ( পৃষ্ঠাঃ 185)
1. তলত দিয়া কোনটো পদাৰ্থ লেন্ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?
(a) পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা (clay)
উত্তৰ- (d) মৃত্তিকা (clay)
2. অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ , থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল । লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ'ব লাগিব ?
(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত
(b) ভাঁজ কেন্দ্ৰত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত ।
উত্তৰ- (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত ।
3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব ?
(a) লেন্ছৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেন্ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
উত্তৰ- (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্ৰত্যেকৰে ফ'কাচ দৈৰ্ঘ্য -15 cm । দাপোণ আৰু লেন্ছৰ প্ৰকৃত কেনেকুৱা হ'ব পাৰে ?
(a) দুয়োখন অৱতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেন্ছখন উত্তল
(d) দাপোণখন উত্তল লেন্ছখন অৱতল ।
উত্তৰ- (a) দুয়োখন অৱতল
5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় । দাপোণখন কেনেকুৱা হ'ব পাৰে ?
(a) সমতল
(b) অৱতল
(c) উত্তল
(d) হয় সমতল নতুবা উত্তল ।
উত্তৰ- (d) হয় সমতল নতুবা উত্তল ।
6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?
(a) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
(b) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
(c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
(d) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
উত্তৰ- (c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
7. 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো । দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত ? প্রতিবিম্বৰ প্ৰকৃতি কি হ'ব ? প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু ? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্র আঁকা । (Answer Page- 164, তালিকা 10.1)
সমাধানঃ- ইয়াত, অৱতল দাপোনৰ ফকাছ দৈৰ্ঘ্য, f= -50cm । অৱতল দাপোন এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো দাপোনৰ মেৰু (P) আৰু মূখ্য ফকাছ (F) ৰ মাজত ৰাখিব লাগিব । গতিকে দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ 0 তকৈ বেছি কিন্তু 50 cm তকৈ কম হব লাগিব । প্ৰতিবিম্বটো অসৎ আৰু থিয় হব আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হব।
ইয়াৰ ৰশ্মিচিত্ৰটো হল- (Answer Page- 166)

৪. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা –
(a) গাড়ীৰ হেডলাইট
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ
(c) সৌৰ ভাঁতী
উত্তৰঃ-(a) অৱতল দাপোন ।
(b) উত্তল দাপোন ।
(c) অৱতল দাপোন ।
9. উত্তল লেন্ছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ'ল । এই লেন্ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে ? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা । তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা ।
10. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ'কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেন্ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ'ল । ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান , আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ।
11. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে । লক্ষ্যবস্তুটো লেন্ছৰ পৰা কিমান দূৰত্বত আছে ? ৰশ্মিচিত্র আঁকা ৷
12. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ'ল । প্ৰতিবিম্বৰ অৱস্থান আৰু প্রকৃতি নিৰ্ণয় কৰা ।
13. সমতল দাপোণে +1 বিবর্ধন দিয়ে । ইয়াৰ অৰ্থ কি ?
14. 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল উত্তল দাপোণ এখনৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল । প্ৰতিবিম্বৰ অৱস্থান , ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা ।
15. 18 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে । দাপোণখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব ? প্রতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ।
16. -2.0 D ক্ষমতাৰ লেন্ছ এখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান ? লেন্ছখনৰ প্ৰকৃতি কেনেকুৱা ?
17. ডাক্তৰে এজনে বিধান দিয়া সংশোধনীমূলক লেন্ছৰ ক্ষমতা + 1.5D । লেন্ছখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা । এই লেন্ছখন অভিসাৰী নে অপসাৰী ?