Skip to Content

Chapter 7 Science - Class 10

নিয়ন্ত্ৰণ আৰু সমন্বয়
4 April 2026 by
ABHOY SWARGIARY

প্ৰশ্নাৱলী(পৃষ্ঠা - 119)

1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ- প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য হল-

প্ৰতীপ ক্ৰিয়া খোজ কঢ়া
i) চিন্তন ক্ৰিয়া জড়িত নহয় ।i) চিন্তন ক্ৰিয়া জড়িত ।
ii) স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে ।ii) মস্তিষ্কই নিয়ন্ত্ৰণ কৰে ।
iii) চেকেণ্ডত সম্পন্ন হয় ।iii) সম্পন্ন হবৰ বাবে তুলনামূলকভাৱে অধিক সময়ৰ প্ৰয়োজন ।

2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছত কি ঘটে ?

উত্তৰঃ- নিউৰনৰ ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে । পাছত এই বাৰ্তা বৈদ্যুতিক প্ৰেৰণাৰ জৰিয়তে ডেনড্ৰাইডৰ পৰা দেহকোষলৈ আৰু পাছত অক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এটা স্নায়ুকোষলৈ প্ৰৰণ কৰে । বৈদ্যুতিক প্ৰেৰণাৰ ফলত মুক্ত হোৱা ৰাসায়নিক পদাৰ্থবোৰ ছাইনেপছৰ মাজেদি পাৰ হৈ আন স্নায়ু কোষলৈ প্ৰেৰণ হয় ।

3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?

উত্তৰঃ- পশ্চ্যাত মস্তিষ্কৰ চেৰিবেলাম নামৰ অংশই দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে ।

4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?

উত্তৰঃ- নাকত অৱস্থিত ঘ্ৰান সংগ্ৰাহকৰ সহায়ত আমি ধূপকাঠিৰ গোন্ধ লওঁ । এই সংগ্ৰাহকবোৰে স্নায়ু প্ৰেৰণাৰ ৰূপত তথ্য আহৰণ কৰি প্ৰমস্তিষ্কলৈ প্ৰেৰণ কৰে । মস্তিস্কই এই স্নায়ু প্ৰৰণাবোৰ বিশ্লেষণ কৰি ধূপৰ গোন্ধ ধৰা পেলাই আৰু আমি ধূপৰ গোন্ধ পাওঁ ।

5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি ?

উত্তৰঃ- প্ৰতীপ ক্ৰিয়াত মগজুৱে একো ভূমিকা পালন নকৰে ।

(প্ৰতীপ ক্ৰিয়াত মগজুৱে একো ভূমিকা পালন নকৰে । কিয়নো কাৰ্যকৰি পেশীয়ে ক্ৰিয়াৰ বাৰ্তা স্নায়ুৰজ্জুৰ পৰা পোনপটীয়াকৈ লাভ কৰে । অৱশ্যে এই তথ্য মগজতো উপনীত হয় যত এয়া ভৱিষ্যতলৈ স্মৃতি হিচাপে সঞ্চিত হৈ থাকে ।

প্ৰশ্নাৱলী (পৃষ্ঠা - 122)

1. উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ (Plant Hormone) বিলাক কি কি ?

উত্তৰঃ- উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক হল- অক্সিন, জিবাৰেলিন, চাইটকাইনিন আৰু এবচাইচিছ এচিড ।


2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে ?

উত্তৰঃ- নিলাজী বনৰ পাতৰ চলন আৰু কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত থকা পাৰ্থক্যবোৰ হল-

নিলাজী বনৰ পাতৰ চলনকাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত কৰি গতি
i) এক প্ৰতিক্ৰিয়া বা উদ্দীপনাৰ প্ৰতি সহাৰি । i) পোহৰৰ প্ৰতি সহাৰি ।
ii) চলন সৰতকীয়া ।ii) চলন অতি মন্থৰ ।
iii) চলন বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল নহয় ।iii) চলন বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল ।

3. উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া ।

উত্তৰঃ- অক্সিন ।

4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে ?

উত্তৰঃ- অক্সিন হৈছে এবিধ সঞ্জীৱনী পদাৰ্থ যিয়ে উদ্ভিদৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে । যেতিয়া আকৰ্ষ বিলাকে কোনো আধাৰত স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষৰ অংশটো খৰকৈ বৃদ্ধি নহয় । কিন্তু আধাৰত লাগি নথকা অংশটো অক্সিনৰ গাঢ়তা বৃদ্ধি হয় । ইয়াৰ ফলত অকৰ্ষৰ দৈৰ্ঘ্য বাঢ়ে আৰু এনেদৰে কোনো এক আধাৰত চাৰিওঁপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে সহায় কৰে ।

5. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্ৰস্তুত কৰা ।

উত্তৰঃ- পানীৰ উদ্দীপনাৰ বাবে হোৱা উদ্ভিদৰ চলন বা বৃদ্ধিক জলানুবেগী চলন বোলে ।

জলানুবেগীৰ পৰীক্ষামূলক আৰ্হিঃ-

আৱশ্যকীয় সামগ্ৰীঃ-

a) কেইটামান উৰহীৰ বিজ

b) এটা দীঘলীয়া পাত্ৰ

c) ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰ

এতিয়া দীঘলীয়া পাত্ৰটো বালিৰে পূৰ্ণ কৰা হল । ইয়াত কেইটামান বীজ থোৱা হল । ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰটো পানীৰে পূৰ কৰি আগৰ পাত্ৰ এটা গাত খান্দি সংস্থাপন কৰা হল । এনেদৰে এসপ্তাহ থৈ দিয়া হল ।

পৰ্যবেক্ষনঃ- এসপ্তাহৰ পাছত বীজ কেইটা উলিয়াই অনাৰ পাছত দেখা গল যে ৰন্ধ্ৰযুক্ত পাত্ৰটো পানীৰ দীশত নতুন শিপা গজিছে । এনেদৰে শিপাই জলানুবেগী চলন প্ৰদৰ্শন কৰে ।

প্ৰশ্নাৱলী (পৃষ্ঠা- 125)

1. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয় ?

উত্তৰঃ-অন্তঃস্ৰাৱী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনৰ জৰিয়তে প্ৰাণী দেহত ৰাসায়নিক সমন্বয় সংঘটিত হয় । এই হৰমবিলাক তেজে শৰীৰৰ বিভিন্নন অংগলৈ প্ৰৰণ কৰি দেহকোষৰ বিভিন্ন ক্ৰিয়াকলাপৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰাৰ লগতে ইয়াৰ বৃদ্ধি ঘটায় । যেনে- থাইৰয়েড গ্ৰন্থিয়ে নিঃসৰণ কৰা থাইৰক্সিনে দেহৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বীৰ বিপাকীয় ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰি ৰাখে ।

2. আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক ?

উত্তৰঃ- থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন প্ৰস্তুত কৰিবৰ বাবে আয়ডিন প্ৰয়োজন হয় । দেহৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বীৰ বিপাকীয় ক্ৰিয়াসমূহ থাইৰক্সিনে নিয়ন্ত্ৰণ কৰি ৰাখে । ইয়াৰ ফলত দেহৰ বৃদ্ধি সমতা ৰক্ষা কৰাত সহায় হয় । থাইৰক্সিন হৰমন সংশ্লেষণৰ কাৰণে আয়ডিন অতি লাগতিয়াল পদাৰ্থ । লগতে আমাৰ খাদ্যত আয়ডিনৰ পৰিমাণ হ্ৰাস হলে গৰল ৰোগ হোৱাৰ সম্ভাৱনাও থাকে ।

3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰিতিক্ৰিয়া হয় ?

উত্তৰঃ- আমাৰ দেহৰ তেজত এড্ৰিনলিনৰ নিঃসৰণ ঘটিলে হৃদযন্ত্ৰৰ ধপ্ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয় । ধমনীবোৰক আগুৰি থকা পেশীবোৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কমি যায় । ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয় । মধ্যচ্ছেদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায় । এই সকলোবিলাক সহাৰি একেলগে হৈ কোনো এটা কাৰ্য সম্পাদন হয় ।

4. কিছুমান ডায়বেটিচ ৰোগীক ইনচুলিন বেজী দিয়া হয় কিয় ?

উত্তৰঃ- অগ্নাশয় গ্ৰন্থিয়ে যথোপযুক্ত পৰিমাণৰ ইনচুলিন হৰমন নিঃসৰন নকৰিলে তেজত গ্লুকজৰ পৰিমান যথেষ্ট বাঢ়ি যায় । ইয়াৰ ফলত দেহৰ যথেষ্ট ক্ষতি হয় । সেয়েহে কিছুমান ডায়বেটিছ ৰোগীক ইনছুলিন বেজী দিয়া হয় । ইয়াৰ ফলত গ্লুকজৰ পৰিমান নিয়ন্ত্ৰিত হয় ।

অনুশীলনী (পৃষ্ঠা - 125)

1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ?

(a) ইনচুলিন

(b) থাইৰক্সিন

(c) অৱেষ্টজেন

(d) চাইটকাইনিন

উত্তৰঃ- (d) চাইট'কাইনিন

2. দুটা নিউৰণৰ মাজৰ ফাঁকটোক কি বুলি কয় ?

(a) ডেনড্ৰাইট

(b) চাইনেপচ্

(c) এক্সন

(d) প্ৰেৰণা

উত্তৰঃ- (b) চাইনেপচ্

3. মগজুৱে কি কাম কৰে-

(a) ভাব আৰু চিন্তা কৰা

(b) হৃদপিন্দ স্পন্দন নিয়ন্ত্ৰণ

(c) দেহৰ সমতা ৰক্ষা

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ- (d) ওপৰৰ আটাইকেইটা

4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি ? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰস্থিতি হ'ব ভাবাচোন । ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে ?

উত্তৰঃ- গ্ৰাহক অংগ হৈছে বিশেষ কোষ বা কোষৰ সমষ্টি যিয়ে বাহ্যিক পৰিৱেশত পৰিৱৰ্তন ধৰা পেলায় আৰু এই বাৰ্তাসমূহ মস্তিস্কলৈ প্ৰৰণ কৰে । মস্তিস্কই সংশ্লিষ্ট অংগক সেইমৰ্মে নিৰ্দেশ দিয়ে ।

যদি সংগ্ৰাহক অংগই সঠিকভাৱে কাৰ্য সম্পন্ন নকৰে তেন্তে আমাৰ জীৱন ধাৰণ বিপদ-সংকুল হ'ব পাৰে । যেনে- সংগ্ৰাহক অংগ ছালে তাপ ধৰা পেলাব নোৱাৰিলে আমি নজনাকৈ তপ্ত বস্তু স্পৰ্শ কৰিম যাৰ ফলত আমাৰ ছাল জ্বলি যাব ।

5. নিউৰন গঠনৰ এটা চিত্ৰ আঁকা । ইয়াৰ কাৰ্য বৰ্ণনা কৰা ।

উত্তৰঃ- নিউৰন(স্নায়ুকলা)ৰ দ্বাৰা প্ৰাণী দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয় । স্নায়ুকোষে পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ সংগ্ৰহ কৰি মগজুলৈ প্ৰেৰণ কৰে । এনেধৰণৰ সংগ্ৰাহী কোষবিলাক আমাৰ দেহৰ বিভিন্ন সংবেদনশীল অংগ যেনে অন্তকৰ্ণ, নাক, জিভা আদিত থাকে, যাৰ ফলত স্বাদসংগ্ৰাহী কোষবিলাকে খাদ্যৰ স্বাদ আৰু ঘ্ৰাণসংগ্ৰাহী কোষে গোন্ধ অনুভৱ কৰি ।

6. উদ্ভিদৰ পোহৰানুবেগী প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় ?

উত্তৰঃ- এজোপা উদ্ভিদৰ এটা অংশ পোহৰৰ সংস্পৰ্শত থাকিলে পোহৰানুবেগী প্ৰক্ৰিয়া প্ৰদৰ্শনত অক্সিন নামৰ সঞ্জীৱনী পদাৰ্থই ভূমিকা পালন কৰে । কাণ্ডৰ শীৰ্ষত উৎপন্ন হোৱা অক্সিনে ইয়াৰ অগ্ৰ অংশ বৃদ্ধি কৰি দীঘলীয়া হয় । এনেদৰে কাণ্ডটো পোহৰৰ পিনে ভাজ লয় আৰু কাণ্ডৰ অগ্ৰ অংশও পোহৰৰ দিশে ধাবিত হয় । আনহাতে শিপা পোহৰৰ বিপৰীত দীশত ধাবিত হয় ।


7. স্নায়ুৰজ্জুত আঘাত হলে কেনে বাৰ্তাত ব্যাঘাত ঘটে ?

উত্তৰঃ- মস্তিস্ক আৰু স্নায়ুৰজ্জু লগ লাগি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে । দেহৰ সকলো অংশৰ পৰা ই বাৰ্তা গ্ৰহণ কৰি একত্ৰিত কৰি ৰাখে । গতিকে স্নায়ুৰজ্জুত পোৱা আঘাতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ অহা বাৰ্তা, স্নায়ুৰজ্জুৰ পৰা মস্তিকলৈ যোৱা বাৰ্তা আৰু স্নায়ুৰজ্জুৰ পাৰ কাৰ্যকৰি পেশী বা গ্ৰন্থিলৈ পোনপটিয়াকৈ প্ৰেৰিত প্ৰতীপ বাৰ্তাৰ ব্যাঘাট ঘটে ।

8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?

উত্তৰঃ- উদ্ভিদৰ দেহত নিঃসৰণ হোৱা সঞ্জীৱনী পদাৰ্থই বাহ্যিক উদ্দীপনাৰ প্ৰতি সহাৰি জনায় । সেইবিলাকে উদ্ভিদৰ প্ৰজনন, বৃদ্ধি আৰু বিকাশ, চলন আদি নিয়ন্ত্ৰণ কৰে । এই সঞ্জীৱনী পদাৰ্থ বা হৰমনে ব্যাপন প্ৰক্ৰিয়াৰে উদ্ভিদ দেহৰ সকলোবোৰ কোষত উপনীত হয় । এই পদাৰ্থ সমূহে ৰাসায়নিক বাৰ্তাবাহক অংগ হিচাপে বিস্তাৰিত হৈ বিশেষ কামৰ বাবে উদ্দিপ্ত উদ্ভিদ দেহৰ কাম-কাৰ্যৰ মাজত সমন্বয় সাধে ।

9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন ?

উত্তৰঃ- একোটা জীৱই বাস কৰা পৰিৱেশত সকলো সময়তে ই ক্ৰিয়া-প্ৰক্ৰিয়াত লিপ্ত থকাৰ আৱশ্যকতা থাকে । ইয়াৰ বাবে জীৱ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যকতা আছে । ইয়াৰ বাবে জীৱই এনে এটা প্ৰনালী ব্যৱহাৰ কৰিব লাগিব যিয়ে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ব্যৱস্থা কৰে । যেনে- মজিয়াত পানী দেখিলে আমি নিয়ন্ত্ৰিত ধৰণে খোজ কাঢ়ো নহলে আমি পিচল খাই আঘাত পাম । নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ তন্ত্ৰ স্নায়ুতন্ত্ৰই এই নিয়ন্ত্ৰিত চলনৰ ব্যৱস্থাপনা কৰে । এই কাৰণেই জীৱ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰয়োজন ।

10. ঐছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজৰ পাৰ্থক্য কেনেকৈ উলিয়াবা ?

উত্তৰঃ- ঐছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজৰ পাৰ্থক্য হল-

ঐছিক ক্ৰিয়াপ্ৰতিপ ক্ৰিয়া
i) চিন্তন প্ৰক্ৰিয়া জড়িত ।i) চিন্তন ক্ৰিয়া জড়িত নহয় ।
ii) মস্তিষ্কই নিয়ন্ত্ৰণ কৰে ।ii) স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে ।
iii) সম্পন্ন হবলৈ তুলনামূলকভাৱে অধিক সময়ৰ প্ৰয়োজন ।iii) চেকেণ্ডত সম্পন্ন হয় ।

11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰমণৰ ক্ৰিয়াৰ মাজৰ তুলনামূলক আলোকপাত কৰা ।

উত্তৰঃ-

স্নায়ুতন্ত্ৰৰ ক্ৰিয়াহৰমণৰ ক্ৰিয়া
i) দ্ৰুত আৰু তাতক্ষনিক ক্ৰিয়া ।i) লেহেমিয়া ক্ৰিয়া ।
ii) ইয়াৰ প্ৰভাৱ অস্থায়ী ।ii) ইয়াৰ প্ৰভাৱ দীৰ্ঘস্থায়ী ।
iii) এক বৈদ্যুতিক প্ৰেৰণা ।iii) এক ৰাসায়নিক প্ৰেৰণা ।

12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ-

নিলাজী বনৰ পাতৰ চলনভৰিৰ চলন
i) প্ৰিতিক্ৰিয়া বা উদ্দীপনাৰ প্ৰতি সহাৰি ।i)ঐচ্ছিক ক্ৰিয়া ।
ii) এই চলন সম্পন্ন কৰিবলৈ বিশেষ কলা নাথাকে ।ii) এই চলন সম্পন্ন কৰিবলৈ বিশেষ কলাৰ আৱশ্যক ।
iii) হৰমন নামৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ।iii) স্নায়ু আৰু পশ্চাৎ মস্তিষ্কৰ চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিন হয় ।