Skip to Content

X Science Chapter 5 MCQ's in Assamese

মৌলসমূহৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন
24 May 2026 by
ABHOY SWARGIARY

1. আধুনিক পৰ্য্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্য্যায়ৰ মৌল সমূহৰ পাৰমাণবিক ব্যাসার্ধৰ উৰ্ধক্ৰমটো হ'ল- [1]

(a) Li > Be > B > C > N > O > F > Ne
(b) Ne < F < O < N < C < B < Be < Li
(c) F < O < N < C < B < Be < Li
(d) Li > B > Be > C > N > O > F > Ne
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) Ne < F < O < N < C < B < Be < Li

2. চাৰিটা মৌল W, X, Y, Z ৰ পাৰমাণৱিক সংখ্যা যথাক্রমে 11, 13, 16 আৰু 17 হলে, সিহঁতৰ মাজৰ কোনটো মৌলৰ ধাতবীয় গুণ আটাইতকৈ বেছি? [1]

(a) X
(b) W
(c) Z
(d) Y
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) W

3. এটা মৌল 'Z' ৰ পাৰৰ্মাণবিক সংখ্যা 9। আধুনিক পর্যাবৃত্ত তালিকাৰ কোনটো পৰ্য্যায় আৰু বৰ্গত ইয়াক স্থাপন কৰিব পাৰি? [1]

(a) পৰ্য্যায় 2, বৰ্গ 7
(b) পৰ্য্যায় 7, বৰ্গ 17
(c) পৰ্য্যায় 7, বৰ্গ 7
(d) পৰ্য্যায় 2, বৰ্গ 17
See the Answer / উত্তৰ চাওক
উত্তৰ: (d) পৰ্য্যায় 2, বৰ্গ 17

4. পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিব পাৰি? [1]

(a) Ga
(b) Ge
(c) As
(d) Se
See the Answer / উত্তৰ চাওক
উত্তৰ: (a) Ga

5. আধুনিক পর্যাবৃত্ত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি? [1]

(a) ই বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়িব
(b) ই সোঁফালৰ পৰা বাওঁফাললৈ কমিল
(c) ই বাঢ়িব আৰু পিছত কমিব
(d) ই কমিব আৰু পিছত বাঢ়িব
See the Answer / উত্তৰ চাওক
উত্তৰ: (c) ই বাঢ়িব আৰু পিছত কমিব

6. Be, Ne, He, Na, Cl আৰু Al মৌলকেইটাক সিহঁতৰ পাৰমাণবিক সখ্যাৰ ঊর্ধ্বক্রমত সজালে সঠিক ক্ৰমটো হ'ল- [1]

(a) Na < Ne < Cl < Al < Be < He
(b) He < Be < Na < Ne < Cl < Al
(c) Cl < Al < Na < Ne < Be < He
(d) He < Be < Ne < Na < Al < Cl
See the Answer / উত্তৰ চাওক
উত্তৰ: (d) He < Be < Ne < Na < Al < Cl

7. P, Q, R আৰু S মৌলকেইটা পৰ্য্যাবৃত্ত তালিকাৰ ক্ৰমে 1, 14 আৰু 17 বৰ্গৰ অন্তৰ্গত। কোনকেইটা মৌলই আয়নীয় যৌগ গঠন কৰিব? [1]

(a) P আৰু Q
(b) P আৰু R
(c) Q আৰু R
(d) P, Q আৰু R
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) P আৰু R

8. পর্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাড়ে? [1]

(i) যোজ্যতা (ii) ধাতবীয় গুণ (iii) কাৰ্যকৰী নিউক্লীয় আধান (iv) পাৰমাণৱিক ব্যাসার্ধ

(A) (i) আৰু (ii)
(B) (ii) আৰু (iv)
(C) (iii) আৰু (iv)
(D) (i) আৰু (iv)
See the Answer / উত্তৰ চাওক
উত্তৰ: (B) (ii) আৰু (iv)

9. তলৰ কোনটো ড'বাৰেইনাৰৰ ট্ৰায়াড- [1]

(A) H, Li, Na
(B) Mg, Ca, Sr
(C) Ca, Sr, Ba
(D) F, Cl, Br
See the Answer / উত্তৰ চাওক
উত্তৰ: (C) Ca, Sr, Ba

10. কোনটো মৌললৈ অষ্টক সূত্রটো প্রযোজ্য ছিল? [1]

(a) অক্সিজেন
(b) কেলছিয়াম
(c) কবাল্ট
(d) পটাছিয়াম
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) কেলছিয়াম

11. পর্যাবৃত্ত তালিকাৰ এটা বৰ্গৰ মৌলসমূহৰ- [1]

A) একে পাৰমাণবিক সংখ্যা থাকে
B) একে সংখ্যক যোজক ইলেকট্র'ন থাকে
C) একে ইলেকট্ৰ'নৰ সংখ্যা থাকে
D) একে পাৰমাণবিক আয়তন থাকে
See the Answer / উত্তৰ চাওক
উত্তৰ: B) একে সংখ্যক যোজক ইলেকট্র'ন থাকে

12. তলত দিয়া মৌলসমূহক ধাতৱীয় ধৰ্মৰ অৰ্ধক্ৰমত সজালে, কোনটো ক্রম শুদ্ধ হ'ব? Cl, Na, Si, Mg, Al [1]

(A) Cl > Si > Al > Mg > Na
(B) Na > Mg > Al > Si > Cl
(C) Na > Al > Mg > Cl > Si
(D) Al > Na > Si > Cl > Mg
See the Answer / উত্তৰ চাওক
উত্তৰ: (B) Na > Mg > Al > Si > Cl

13. আধুনিক পর্যাবৃত্ত তালিকাত এটা পৰ্যায়ত বাঁওফালৰ পৰা সোঁফাললৈ গ'লে তলৰ কোনবোৰ সাধাৰণতে বৃদ্ধি পায়? [1]
(i) পাৰমাণবিক ব্যাসার্ধ (ii) ধাতবীয় ধৰ্ম (iii) কাৰ্যকৰী নিউক্লীয় আধান (iv) অধাতবীয় ধৰ্ম

(A) (i) আৰু (ii)
(B) (i) আৰু (iii)
(C) (ii) আৰু (iii)
(D) (iii) আৰু (iv)
See the Answer / উত্তৰ চাওক
উত্তৰ: (D) (iii) আৰু (iv)

14. মৌল X য়ে XCl2 সংকেতৰ ক্ল'ৰাইড গঠন কৰে, যিটো উচ্চ গলনাংকৰ এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে পর্যাবৃত্ত তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? [1]

(A) Na
(B) Mg
(C) Al
(D) Si
See the Answer / উত্তৰ চাওক
উত্তৰ: (B) Mg

15. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা 'K' মৌলৰ অক্সাইটোৰ সংকেত হ'ল- [1]

(a) KO2
(b) K2O
(c) K2O3
(d) K2O2
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) K2O

16. এটা পৰমাণুৰ ইলেক্ট্ৰ'নীয় বিন্যাস হ'ল 2, 8, 7। তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া হৈছে।) [1]

(a) N (7)
(b) F (9)
(c) P (15)
(d) Ar (18)
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) F (9)

17. মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে পাৰমাণৱিক ব্যাসাৰ্দ্ধ ক্ৰমান্বয়ে- [1]

(a) বাঢ়ে
(b) কমে
(c) একে থাকে
(d) ওপৰৰ এটাও নহয়
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) কমে

18. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে- [1]

(A) বাঢ়ে
(B) কমে
(C) একে থাকে
(D) প্রথমে বাঢ়ে পিছত কমে
See the Answer / উত্তৰ চাওক
উত্তৰ: (A) বাঢ়ে

19. মৌলৰ পৰ্যায়বৃত্ত তালিকাত তলৰ কোনবোৰ ধৰ্ম বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে কূমি যায়? [1]
(i) ধাতবীয় গুণ (ii) কাৰ্যকৰী নিউক্লীয় আধান (iii) পাৰমাণৱিক আকাৰ (iv) বিদ্যুৎ ঋণতা

(a) (i) আৰু (ii)
(b) (i) আৰু (iii)
(c) (ii) আৰু (iii)
(d) (ii) আৰু (iv)
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) (i) আৰু (iii)

20. 'X' মৌল এটাৰ ৩য় কক্ষত ২য় কক্ষৰ ৫০% ইলেকট্রন আছে। 'X'ৰ পাৰমাণবিক সংখ্যা হ'ব- [1]

A. 10
B. 12
C. 14
D. 18
See the Answer / উত্তৰ চাওক
উত্তৰ: C. 14

21. মৌল P, Q, R, S আৰু Tৰ পাৰমাণৱিক সংখ্যা ক্রমে 2, 4, 7, 10 আৰু 20। এই মৌলকেইটাৰ কোনকেইটা আধুনিক পর্যাবৃত্ত তালিকাৰ একে পৰ্যায়ৰ অন্তর্ভুক্ত- [1]

(a) P, Q, R
(b) Q, R, S
(c) Q, R, T
(d) P, Q, T
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) Q, R, S

22. তলৰ কোনটোৱে O, F আৰু N ৰ ভিতৰত পাৰমাণবিক ব্যাসার্ধৰ শুদ্ধ ক্ৰমটো নির্দেশ কৰে। [1]

A. F > O > N
B. F < O < N
C. N < F < O
D. F < N < O
See the Answer / উত্তৰ চাওক
উত্তৰ: B. F < O < N

23. তলৰ কোনটো যৌগত (-OH) কাৰ্যকৰী মূলক বা ক্ৰিয়াত্মক গোট থাকে? [1]

(a) বিউটানন
(b) বিউটানল
(c) বিউটেন
(d) বিউটানেল
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) বিউটানল

24. Al মৌলটো ক্রমে কোনটো পর্যায় আৰু বৰ্গত পোৱা যায়? [1]

(a) 3, 12
(b) 3, 13
(c) 4, 13
(d) 2, 13
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) 3, 13

25. তিনিটা মৌল X, Y আৰু Z ৰ ইলেক্ট্রনীয় বিন্যাস হ'ল ক্রমে X-2.8, Y-2.8.7 আৰু Z-2.8.2। তলৰ কোনটো শুদ্ধ? [1]

(a) X সম্ভ্রান্ত গেছ আৰু Y ধাতু।
(b) Y অধাতু আৰু Z ধাতু।
(c) Y ধাতু আৰু Z অধাতু।
(d) X আৰু Z দুয়োবিধ ধাতু।
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) Y অধাতু আৰু Z ধাতু।

26. তলৰ কোনটো গ্রুপ ড'বাৰেইনাৰৰ ট্ৰায়'ড নহয়? [1]

(a) N, P, As
(b) Li, Na, K
(c) Ca, Sr, Ba
(d) Cl, Br, I
See the Answer / উত্তৰ চাওক
উত্তৰ: (a) N, P, As

27. এটা মৌল X(2,8,2) য়ে বেলগে বেলেগে (SO₄)²⁻ আৰু (PO₄)³⁻ আয়নৰ লগত লগ লাগিল। যৌগ দুটাৰ ৰাসায়নিক সংকেত হ'ল- [1]

(a) X₂SO₄ : X₃(PO₄)₂
(b) XSO₄ : X₃(PO₄)₂
(c) X(SO₄)₂ : X₂(PO₄)₃
(d) XSO₄ : X₃(PO₄)₃
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) XSO₄ : X₃(PO₄)₂

28. তলত দিয়া মৌল A, B, C, D আৰু E ৰ পৰমাণু ``` ক্ৰমাংক 2, 3, 7, 10 আৰু 30, ইয়াৰ কোনকেইটা মৌল একেটা পৰ্যায়ত থাকে? [1] (a) A, B, C (b) B, C, D (c) A, D, E (d) B, D, E See the Answer / উত্তৰ চাওক উত্তৰ: (b) B, C, D ```

29. যদি C আৰু G মৌলৰ আটাইতকৈ বাহিৰতম কক্ষত থকা ইলেকট্রনৰ সংখ্যা ক্রমে 3 আৰু 7 হয়। প্রদত্ত বিকল্পবোৰৰ পৰা C আৰু Gৰ দ্বাৰা গঠন হোৱা যৌগৰ সূত্ৰটো বাছনি কৰা? [1]

(a) C₂G
(b) C₃G
(c) CG₃
(d) CG₂
See the Answer / উত্তৰ চাওক
উত্তৰ: (c) CG₃

30. চাৰিটা মৌল P, Q, R আৰু Sৰ পাৰমাণৱিক সংখ্যা ক্রমে 5, 8, 11 আৰু 17। যদি আমরা সেইবোৰক পাৰমাণৱিক ব্যাসার্ধৰ বৰ্ধিত ক্ৰমত সজাওঁ তেন্তে সঠিক ক্রমটো হ'ল- [1]

(a) Q < P < S < R
(b) P < Q < R < S
(c) S < P < Q < R
(d) S < R < Q < P
See the Answer / উত্তৰ চাওক
উত্তৰ: (a) Q < P < S < R

31. তলৰ কোনকেইটা মৌল একেটা পর্যায়ত থাকিব? মৌল A (পাৰমাণৱিক সংখ্যা 6), B (পাৰমাণৱিক সংখ্যা 16), C (পাৰমাণৱিক সংখ্যা 11) [1]

(a) A আৰু B
(b) B আৰু C
(c) A আৰু C
(d) A, B আৰু C
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) B আৰু C

32. বৰ্গ 17-ৰ মৌলবোৰক কোৱা হয়- [1]

(a) সংকৰ ধাতু
(b) সম্ভ্রান্ত গেছ
(c) হেলোজেন
(d) ওপৰৰ এটাও নহয়
See the Answer / উত্তৰ চাওক
উত্তৰ: (c) হেলোজেন

33. X, Y আৰু Z মৌল তিনিটাৰ ইলেকট্রনীয় বিন্যাস ক্রমে X-2, 8; Y-2, 8, 7; Z-2, 8, 2। তলৰ কোনটো শুদ্ধ? [1]

(a) X ধাতু
(b) Y ধাতু
(c) Z অধাতু
(d) Y অধাতু Z ধাতু
See the Answer / উত্তৰ চাওক
উত্তৰ: (d) Y অধাতু Z ধাতু

34. উক্তি (A): বর্গ এটাত ওপৰৰপৰা তললৈ মৌলবোৰৰ ইলেকট্রন হেৰুৱাব প্ৰৱণতা বাড়ি যায়।
যুক্তি (R): বর্গ এটাত তললৈ গ'লে মৌলবোৰৰ পাৰমাণবিক ব্যাসার্ধ বাঢ়ি যায়। [1]

(a) A আৰু R দুয়োটাই সত্য আৰু R হৈছে Aৰ শুদ্ধ ব্যাখ্যা
(b) A আৰু R দুয়োটাই শুদ্ধ কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়
(c) A সত্য কিন্তু R শুদ্ধ নহয়
(d) দুয়োটা উক্তি অশুদ্ধ
See the Answer / উত্তৰ চাওক
উত্তৰ: (a) A আৰু R দুয়োটাই সত্য আৰু R হৈছে Aৰ শুদ্ধ ব্যাখ্যা

35. দাবী (A): আধুনিক পর্যাবৃত্ত তালিকাত সমস্থানিকবোৰক একেলগে স্থান দিয়া হৈছে।
কাৰণ (R): সমস্থানিকবোৰৰ পাৰমাণবিক সংখ্যা একে। [1]

(a) A আৰু R উভয়ে শুদ্ধ আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা।
(b) A আৰু R উভয়ে শুদ্ধ কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) A শুদ্ধ কিন্তু R অশুদ্ধ।
(d) A অশুদ্ধ কিন্তু R শুদ্ধ।
See the Answer / উত্তৰ চাওক
উত্তৰ: (a) A আৰু R উভয়ে শুদ্ধ আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা।

36. উক্তি (A): চিলিকন এটা ধাতুকল্প।
কাৰণ (R): চিলিকনে কেৱল অধাতুৰ ধৰ্ম দেখুৱায়। [1]

(a) উক্তি (A) আৰু কাৰণ (R) দুয়োটা সত্য আৰু (R) হৈছে (A) সঠিক ব্যাখ্যা।
(b) উক্তি (A) আৰু কাৰণ (R) দুয়োটা সত্য কিন্তু (R), (A) ৰ সঠিক ব্যাখ্যা নহয়।
(c) উক্তি (A) সত্য কিন্তু কাৰণ (R) অসত্য।
(d) উক্তি (A) অসত্য কিন্তু কাৰণ (R) সত্য।
See the Answer / উত্তৰ চাওক
উত্তৰ: (c) উক্তি (A) সত্য কিন্তু কাৰণ (R) অসত্য।

37. মেণ্ডেলিভৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা আছিল-
(i) হাইড্রজেনৰ স্থান নিশ্চিত নাছিল। (ii) মৌল এটাৰ সমস্থানিকৰ বাবে কোনো স্থান নাছিল। (iii) পলমকৈ আৱিষ্কাৰ হ'লেও সম্ভ্রান্ত গেছবোৰ ক্ৰমৰ কোনো সালসলনি নকৰাকৈ এটা নতুন বর্গত সংস্থাপিত কৰিব পৰা গৈছিল। (iv) মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সুষম বৃদ্ধি ঘটা নাছিল। [1]

A. i, ii, iii
B. ii, iii, iv
C. i, ii, iv
D. i, iii, iv
See the Answer / উত্তৰ চাওক
উত্তৰ: C. i, ii, iv

38. তলৰ ছবিটোত মৌল এটাৰ পাৰমাণবিক সংখ্যা (13) আৰু পাৰমাণবিক ভৰ সংখ্যাসহ (27) মৌলটো Al দেখুওৱা হৈছে। তলৰ কোনটো বিকল্পই পর্যাবৃত্ত তালিকাত মৌলটোক সঠিকভাৱে সজাইছে? [1]

A. Group-1, Period-1 (বর্গ-1, পর্যায়-1)
B. Group-13, Period-3 (বর্গ-13, পর্যায়-3)
C. Group-3, Period-6 (বর্গ-3, পর্যায়-6)
D. Group-10, Period-3 (বর্গ-10, পর্যায়-3)
See the Answer / উত্তৰ চাওক
উত্তৰ: B. Group-13, Period-3 (বर्ग-13, পৰ্যায়-3)

39. তলত দিয়াবোৰ মিলাই লিখা আৰু সঠিক বিকল্প বাচনি কৰা:
মৌল: a. K, b. Li, c. Rb, d. Na
পাৰমাণবিক ব্যাসার্ধ: (i) 152 pm, (ii) 186 pm, (iii) 231 pm, (iv) 244 pm [1]

A. a→(i), b→(ii), c→(iii), d→(iv)
B. a→(ii), b→(iii), c→(iv), d→(i)
C. a→(iii), b→(iv), c→(i), d→(ii)
D. a→(iii), b→(i), c→(iv), d→(ii)
See the Answer / উত্তৰ চাওক
উত্তৰ: C. a→(iii), b→(iv), c→(i), d→(ii)

40. স্তম্ভ মিলোৱা:
(i) ধাতু কল্প -> Si, (ii) সমভ্রান্ত গেছ -> Ar, (iii) হেল'জেন -> Cl, (iv) ক্ষাৰ ধাতু -> Na [1]

(a) (i)→p, (ii)→q, (iii)→r, (iv)→s
(b) (i)→r, (ii)→s, (iii)→q, (iv)→p
(c) (i)→r, (ii)→s, (iii)→p, (iv)→q
(d) (i)→r, (ii)→p, (iii)→s, (iv)→q
See the Answer / উত্তৰ চাওক
উত্তৰ: (c) (i)→r, (ii)→s, (iii)→p, (iv)→q

41. মেন্ডেলিভৰ পর্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিলঃ
(i) মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ভিত্তিত (ii) পাৰমাণৱিক সংখ্যাৰ ভিত্তিত (iii) ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত [1]

(A) কেৱল (i)
(B) (i) আৰু (iii)
(C) (ii) আৰু (iv)
(D) (ii) আৰু (iii)
See the Answer / উত্তৰ চাওক
উত্তৰ: (B) (i) আৰু (iii)

42. আধুনিক পর্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ? [1]

(i) ইয়াত 18 টা আনুভূমিক শাৰী আছে যাক পর্যায় বোলে।
(ii) মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বর্গ এটাত ওপৰৰ পৰা তললৈ ক্রমান্বয়ে বাঢ়ি যায়।
(iii) ইয়াত 7 টা আনুভূমিক শাৰী আছে যাক পর্যায় বোলে।
(iv) (i) আৰু (ii) দুয়োটা উক্তি অশুদ্ধ।
See the Answer / উত্তৰ চাওক
উত্তৰ: (iv) (i) আৰু (ii) দুয়োটা উক্তি অশুদ্ধ।

43. উক্তি (A): ট্রায়াদ এটাও থকা তিনিওটা মৌলৰ মাজত পাৰমাণৱিক ভৰৰ ব্যৱধান একেই থাকে।
যুক্তি (R): ট্রায়াদ এটাত তিনিওটা মৌলৰ ধৰ্মসমূহ একে। [1]

(a) A আৰু R দুয়োটাই শুদ্ধ আৰু R সঠিক ব্যাখ্যা।
(b) A আৰু R দুয়োটাই শুদ্ধ কিন্তু R সঠিক ব্যাখ্যা নহয়।
(c) উক্তিটো শুদ্ধ আৰু যুক্তিটো ভুল।
(d) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
See the Answer / উত্তৰ চাওক
উত্তৰ: (d) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।

44. তলৰ কোনটো মৌলৰ গোট ডবাৰেইনাৰৰ ট্ৰায়াদ গঠন কৰে? [1]

(a) Li, Na, K
(b) Be, Mg, Ca
(c) Ca, Sr, Ba
(d) এয়া সকলোবোৰ গোটেই শুদ্ধ।
See the Answer / উত্তৰ চাওক
উত্তৰ: (d) এয়া সকলোবোৰ গোটেই শুদ্ধ।

45. তলত দুটা মৌলৰ ইলেকট্রনীয় বিন্যাস দিয়া হৈছে- (i) 2, 8, 4 (ii) 2, 8, 8, 2। তলৰ কোনটো ইয়াৰ সঠিক ব্যাখ্যা নহয়- [1]

(a) (ii) ত থকা মৌলটোৰ প্ৰথম কক্ষটো পূর্ণ
(b) (i) ত থকা মৌলটোৰ সংকেত Si
(c) (ii) ত থকা মৌলটোৰ নাম পতাছিয়াম
(d) (i) ত থকা মৌলটোৰ নাম ছিলিকন
See the Answer / উত্তৰ চাওক
উত্তৰ: (c) (ii) ত থকা মৌলটোৰ নাম পতাছিয়াম

46. কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত কি পর্যবেক্ষণ পোৱা যায়? [1]
(i) ই এটা তাপবর্জী বিক্রিয়া (ii) ই শিথিলিত চুণ উৎপন্ন কৰে

(a) কেৱল (i) শুদ্ধ
(b) (i) আৰু (ii) দুয়োটাই শুদ্ধ
(c) কেৱল (ii) শুদ্ধ
(d) দুয়োটা অশুদ্ধ
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) (i) আৰু (ii) দুয়োটাই শুদ্ধ

47. NaHCO₃ আৰু Na₂CO₃•10H₂O ক সাধাৰণতে ক্ৰমান্বয়ে কি বুলি কোৱা হয়? [1]

(a) কাপোৰ ধোৱা ছ'ডা, বেকিং ছ'ডা
(b) বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা
(c) ক'ষ্টিক ছ'ডা, বেকিং ছ'ডা
(d) ধোৱা ছ'ডা, ক'ষ্টিক ছ'ডা
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা

48. 2PbO(s) + C(s) → 2Pb(s) + CO₂(g) বিক্ৰিয়াটোত তলৰ কোনটো উক্তি অশুদ্ধ? [1]
(i) লেড বিজাৰিত হৈছে (ii) কার্বন ডাই অক্সাইড জাৰিত হৈছে

(a) (i) আৰু (ii) দুয়োটাই অশুদ্ধ
(b) কেৱল (i) অশুদ্ধ
(c) কেৱল (ii) অশুদ্ধ
(d) দুয়োটা শুদ্ধ
See the Answer / উত্তৰ চাওক
উত্তৰ: (a) (i) আৰু (ii) দুয়োটাই অশুদ্ধ

49. H₂S + Cl₂ → S + 2HCl বিক্রিয়াটোত বিজাৰিত হোৱা পদার্থবিধ কি? [1]

(a) H₂S
(b) Cl₂
(c) S
(d) HCl
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) Cl₂

50. তলৰ কোনবোৰ তাপবর্জী প্রক্রিয়া? [1]
(i) এছিডৰ লঘুকৰণ (ii) পানীৰ বাষ্পীভৱন (iii) পোৰা চুণৰ লগত পানীৰ বিক্ৰিয়া

(a) (i) আৰু (ii)
(b) (i) আৰু (iii)
(c) (ii) আৰু (iii)
(d) সকলোবোৰ
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) (i) আৰু (iii)

51. লোৰ গজাল কপাৰ ছালফেটৰ দ্ৰৱণত ডুবাই ৰাখিলে দ্ৰৱণৰ বৰণ নীলাৰ পৰা শেঁта সেউজীয়ালৈ সলনি হোৱা বিক্রিয়াটো কিহৰ উদাহৰণ? [1]

(a) সংযোজন বিক্রিয়া
(b) বিযোজন বিক্রিয়া
(c) অপসৰণ বিক্রিয়া
(d) দ্বি-অপসৰণ বিক্রিয়া
See the Answer / উত্তৰ চাওক
উত্তৰ: (c) অপসৰণ বিক্রিয়া

52. যদি A ধাতুরে B ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, তেন্তে তলৰ কোনটো শুদ্ধ? [1]

(A) A ধাতু B তকৈ বেছি সক্রিয়
(B) B ধাতু A তকৈ বেছি সক্রিয়
(C) দুয়োটা ধাতু সমানে সক্রিয়
(D) এটাও নহয়
See the Answer / উত্তৰ চাওক
উত্তৰ: (A) A ধাতু B তকৈ বেছি সক্রিয়

53. 3Fe(s) + 4H₂O(g) → Fe₃O₄(s) + 4H₂(g) বিক্রিয়াটোত কোনবোৰ উক্তি শুদ্ধ? [1]
(i) আইৰণ জাৰিত হৈছে (ii) পানী বিজাৰিত হৈছে (iii) পানীয়ে জাৰক হিচাপে কাম কৰিছে

(a) (i) আৰু (ii)
(b) (i), (ii) আৰু (iii)
(c) কেৱল (i)
(d) কেৱল (iii)
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) (i), (ii) আৰু (iii)

54. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে যিয়ে চুণপানী ঘোলা কৰে। দ্ৰৱটোত কি থাকে? [1]

(a) NaCl
(b) HCl
(c) LiCl
(d) KCl
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) HCl

55. চৰ্বিৰ দুৰ্গন্ধিতা (Rancidity) প্রকৃততে এবিধ কি প্ৰক্ৰিয়া? [1]

(a) বিজাৰণ প্ৰক্ৰিয়া
(b) জাৰণ প্ৰক্ৰিয়া
(c) বিযোজন প্ৰক্ৰিয়া
(d) প্ৰশমন প্ৰক্ৰিয়া
See the Answer / উত্তৰ চাওক
উত্তৰ: (b) জাৰণ প্ৰক্ৰিয়া